কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই শেহতীয়াকৈ চাইবাৰ অপৰাধৰ এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজন “টেক চাপৰ্ট স্কেম”ৰ জৰিয়তে জাপানৰ নাগৰিকক লক্ষ্য কৰি লোৱা ছিণ্ডিকেটৰ অংশ আছিল। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলি থকা ‘অপাৰেচন চক্ৰ-ভি’ৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বৃহস্পতিবাৰে (৩০ অক্টোবৰ, ২০২৫) ভাৰতলৈ উভতি অহাৰ সময়ত ভুৱনেশ্বৰ বিমানবন্দৰত আটক কৰা অভিযুক্তজনক দ্বীবেন্দু মহৰনা বুলি সংস্থাটোৱে চিনাক্ত কৰিছে।
সংস্থাটোৱে জনোৱা মতে ২০২৫ চনৰ ২৮ মে’ত সমগ্ৰ দিল্লী, হাৰিয়ানা, আৰু উত্তৰ প্ৰদেশৰ ১৯টা স্থানত তালাচী চলোৱাৰ পিছত ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পাছতে ২০২৫ চনৰ ২৯ মে’ত মহৰনাই ভুবনেশ্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীলৈ পলায়ন কৰিছিল।
সংস্থাটোৰ তদন্তত প্ৰকাশ পাইছে যে মহৰনাই সেই অবৈধ কল চেণ্টাৰটো চলাইছিল। তেওঁৰ সহযোগীসকলে বহুজাতিক কোম্পানীসমূহৰ সহায়ক কৰ্মীৰ ৰূপ লৈ জাপানী ভুক্তভোগীসকলক প্ৰৱঞ্চনাৰে ধন পৰিশোধ কৰিবলৈ বাধ্য কৰাইছিল বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।
গ্ৰেপ্তাৰ হোৱাৰ পাছত ট্ৰেনজিট ৱাৰেণ্টৰ ভিত্তিত মহৰনাক দিল্লীলৈ অনা হয় আৰু বিশেষ আদালতত হাজিৰ কৰা হয় আৰু তেওঁক তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
এই গোচৰত এতিয়ালৈকে সংস্থাটোৱে সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে, আৰু তেওঁলোকৰ সকলোৰে বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। বৰ্তমান তেওঁলোক ন্যায়িক জিম্মাত আছে। চিবিআইয়ে কয় যে জাপানৰ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থা আৰু মাইক্ৰ’ছফ্ট কৰ্প’ৰেশ্যনৰ সহযোগিতাৰে এই অভিযান চলোৱা হৈছিল।
ধৃত লোকসকলৰ ভিতৰত আছে দিল্লীৰ আশু সিং; পানীপাটৰ কপিল ঘাখৰ; অযোধ্যাৰ ৰোহিত মৌৰ্য; বাৰাণসীৰ শুভম জয়ছোৱাল, বিবেক ৰাজ, আৰু আদৰ্শ কুমাৰ।




