গেৰুৱা শিৱিৰত ধুই মেলি সকলো পৰিষ্কাৰ! দুৰ্নীতিৰ গোচৰত ৮ মাহতে প্ৰফুল্ল পেটেলক ক্লীনচিট চিবিআইৰ

প্ৰফুল্ল পেটেল। ফাইল ফটোঃ সংগ্ৰহীত।

এফালে ইডি-চিবিআইকে ধৰি কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি বিৰোধীক লক্ষ্য কৰি লোৱাৰ দাবী, সেইদৰে জাৰ্মানী-আমেৰিকাৰ পিছত ৰাষ্ট্ৰসংঘইও কেজৰিৱালক গ্ৰেপ্তাৰৰ সন্দৰ্ভত মাত মেলিলে। আনহাতে, এন ডি এত যোগদান কৰাৰ ৮ মাহ পিছতে প্ৰফুল্ল পেটেলৰ বিৰুদ্ধে বন্ধ হৈ পৰিছে চি বি আইৰ তদন্ত।

বিগত বৰ্ষৰ জুন মাহত প্ৰফুল্ল পেটেলে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে পাটনাত বিৰোধী মিত্ৰজোঁটৰ বৈঠকত অংশ লৈছিল। মাত্ৰ এমাহ পিছতে তেওঁ এন চি পিৰ আন ছয়জন নেতাৰ সৈতে অজিত পাৱাৰৰ দলত যোগদান কৰি এন ডি এৰ অংশ হৈ পৰে। অজিত পাৱাৰ নিজেই মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী। ইয়াৰ পিছতে বিৰোধীয়ে অভিযোগ কৰে যে প্ৰফুল্ল পেটেলে চিবিআইৰ তদন্তৰ আশংকাত এনডিএত যোগদান কৰিছে।

লগতে পঢ়কঃ এইবাৰ ইডিৰ নজৰত পৰিবহণ মন্ত্ৰী; কেলেংকাৰীৰ গোচৰত আজি হাজিৰ হ’বলৈ নিৰ্দেশ

কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বও তেওঁ চম্ভালিছিল। ২০১৭ চনৰ মে’ মাহত চিবিআইয়ে পেটেলৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি দুটা গোচৰ ৰুজু কৰিছিল।

অভিযোগ অনুসৰি তেওঁ এয়াৰ ইণ্ডিয়াৰ লাভজনক পথসমূহ ব্যক্তিগত বিমান সংস্থাক ৫০ লাখ টকাৰ বিনিময়ত গতাই দিয়ে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে বিমান ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইয়াৰ পিছত ইডিয়েও গোচৰৰ তদন্ত আৰম্ভ কৰে।

লগতে পঢ়কঃ মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

অৱশ্যে আগন্তুক লোকসভা নির্বাচনৰ পূর্বে চিবিআইয়ে প্রফুল্ল পেটেলক এক বৃহৎ সকাহ দিছে৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতত চিবিআইয়ে ক্লোজাৰ ৰিপোৰ্ট দাখিল কৰি কয় যে এই গোচৰত প্ৰফুল্ল পেটেলৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাই। অৱশ্যে চিবিআইয়ে ক্লিনচিট দিয়াৰ পাছতো প্ৰফুল্ল পেটেলৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত ৰাখিছে ইডিয়ে।