NORTHEAST NOW (Assamese)

শিশু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে দেশৰ ২০ খন ৰাজ্যৰ ৫৬ টা স্থানত চিবিআইৰ অভিযান, বহু আপত্তিজনক সামগ্ৰী জব্দ

September 24, 2022 5:13 pm · এন ই নাও নিউজ,গুৱাহাটী

অনলাইন শিশু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই। আজি শিশু পৰ্ণগ্ৰাফীৰ প্ৰচলন কৰি থকা সকলৰ বিৰুদ্ধে চিবিআইয়ে দেশৰ ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৬ টা স্থানত অভিযান চলায়। চিবিআইৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

চিবিআইয়ে চলোৱা এই অপাৰেচনৰ নাম দিয়া হৈছে ‘অপাৰেচন মেঘ-চক্ৰ’। শিশু পৰ্ণগ্ৰাফী প্ৰচলন সম্পৰ্কীয় তথ্য বিভিন্ন কম্পিউটাৰত উপলব্ধ হোৱাৰ কথাও চিবিআইয়ে প্ৰকাশ কৰিছে। তদুপৰি এটা চক্ৰই ক্লাউডত শিশু পৰ্ণ ছবি সংৰক্ষণ কৰি সেইবোৰ বিয়পাই থকাৰ তথ্যও চিবিআইয়ে লাভ কৰিছে।

২০১৯ চনত ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ বৰ্ধিত প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ চিবিআইৰ এটা বিশেষ কোষ স্থাপন কৰা হৈছিল। শিশুক যৌন উৎপীড়ন আৰু যৌন শোষণৰ বিৰুদ্ধে থকা চেলটোক ইণ্টাৰনেটত নিৰীক্ষণৰ জৰিয়তে শিশু পৰ্ণগ্ৰাফীৰ বিস্তাৰ চিনাক্ত কৰা আৰু পকচো তথা তথ্য প্ৰযুক্তি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

আজি চিবিআইয়ে দিল্লীৰ এটা কোম্পানীৰ কাৰ্যালয়তো তালাচী চলায়। কোম্পানীটোৱে ৰাছিয়াৰ ডমেইন ব্যৱহাৰ কৰি দেশত শিশু পৰ্ণগ্ৰাফী বিয়পাই থকাৰ অভিযোগ আছে। চিবিআইয়ে কোম্পানীটোৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে।

Related News