NORTHEAST NOW (Assamese)

শুকুৰবাৰে গুৱাহাটী, দিল্লীকে ধৰি দেশৰ ১৫০ টা স্থানত চি বি আইৰ আকস্মিক অভিযান

August 31, 2019 7:28 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ গুৱাহাটীকে ধৰি সমগ্ৰ দেশৰ মুঠ ১৫০ টা স্থানত শুকুৰবাৰে হঠাৎ অভিযান চলাই চি বি আয়ে।

সূত্ৰৰ পৰা জানিব পৰা মতে, দেশৰ বিভিন্ন স্থানত চি বি আয়ে আৰম্ভ কৰা এই অভিযান বহু দিনলৈ চলিব।

চি বি আইৰ তৰফৰ পৰা জনোৱা অনুসৰি দেশত সংঘটিত হৈ থকা দুৰ্নীতি আৰু কেলংকাৰীৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে।

ৰে’লৱে, চিকিৎসালয়, শুল্ক বিভাগ, পৌৰ নিগম, ৰাষ্ট্ৰীয় ঘাইপথ, ব্যক্তিগত খণ্ডৰ তৈল প্ৰতিষ্ঠান, এয়াৰপোৰ্ট অথৰিটি অব ইণ্ডিয়াকে ধৰি বহুকেইটা বিভাগত এই অভিযান চলোৱা হ’ব বুলি চি বি আয়ে উল্লেখ কৰে।

দেশৰ ৰাজধানী দিল্লী, গুৱাহাটী, উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইত চি বি আয়ে আকস্মিকভাৱে অভিযান চলায়।

উল্লেখযোগ্য যে, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা দুৰ্নীতি নিৰ্মূলৰ বাবে চি বি আইক অধিক ক্ষমতা প্ৰদানেৰে শক্তিশালী কৰাৰ কথা ঘোষণা কৰিছিল।

Related News