দেউৰী স্বায়ত্ব পৰিষদৰ দ্বাৰা মাজুলিত সংঘটিত হোৱা অবাধ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে দেউৰী সমাজে।
শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দেউৰী সমাজৰ একাংশ সচেতন ব্যক্তিয়ে এক সংবাদ মেল সম্বোধন কৰি, ‘বৃহস্পতিবাৰে মাজুলীৰ সাংবাদিক গৰাকীৰ ওপৰত দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মাধৱ দেউৰীৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে যি শাৰীৰিক আক্ৰমণ আৰু প্ৰাণনাশৰ ভাবুকি দিছিল সেই বিষয়টোৱে সমগ্ৰ দেউৰী সমাজক লজ্জিত কৰিছে’ বুলি মন্তব্য কৰে।
‘’আজি দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সন্মান কৰা সাংবাদিক সকলে যদি সত্য উদঘাটন কৰি বাতৰি পৰিৱেশন কৰিলে ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণৰ সন্মুখীন হয় তেন্তে অনুধাৱন কৰক গণতন্ত্ৰ আজি কি অৱস্থালৈ গতি কৰিছে,’’- দেউৰী সমাজৰ সচেতন ব্যক্তি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চেন্দী দেউৰীয়ে এইদৰে কয়।
তদুপৰি,’দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ নিজ সমষ্টিত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক’ বুলি উল্লেখ কৰে দেউৰীয়ে।
তেওঁ লগতে কয়, ‘’দেউৰী স্বায়ত্ব পৰিষদত দুৰ্নীতি সংঘটিত হোৱাটো সত্য। সেই দুৰ্নীতিৰ কথা যোৱা ১০-১৫দিন পূৰ্বে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ জড়িয়তে তথ্য সহকাৰে দাখিল কৰা হৈছিল।‘’
তেওঁ কয় যে অসম চৰকাৰৰ মুখ্য আয়ুক্তক মুখ্য মন্ত্ৰীৰ নিজা সমষ্টিত দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মাধৱ দেউৰীৰ নেতৃত্বত কেনেদৰে দুৰ্নীতি চলি আছে সেই সন্দৰ্ভত প্ৰমাণ সহকাৰে তথ্য প্ৰদান কৰা হৈছিল।
তদুপৰি, বৰ্তমানৰ পৰিষদ খন ভংগ কৰি নতুন পৰিষদ গঠন কৰি তদন্তৰ কৰিব লাগে বুলিও দাবী জনোৱা হৈছিল। কিন্তু সেই বিষয়ত সোণোৱাল চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰে দেউৰীয়ে।
আনহাতে, এই সংবাদ মেলখনতে সমাজ সেৱক দয়ানন্দ দেউৰীয়ে সমগ্ৰ বিষটোৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যদি দেউৰী স্বায়ত্ব পৰিষদে দুৰ্নীতি কৰা নাই তেন্তে ৰাইজৰ আগত সৎ সাহস দেখুৱাই তেওঁলোকে কৰা কামৰ প্ৰমাণ কৰক। কিন্তু তাকে কৰিবলৈ সৎ সাহস নথকাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰাটো অতি নিন্দনীয়।‘’
‘ঘটনাৰ সৈতে জড়িত থকা প্ৰতিজন লোকক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰিব লাগে’ বুলিও দাবী জনায় তেওঁ।
ইপিনে, সংবাদ মেলখনতে তেওঁলোকে, ‘২০১৬-১৭ আৰু ২০১৭-১৮দুটা বিত্তীয় বর্ষত দেউৰী স্বায়ত্ব পৰিষদত ৫৮কোটি টকাৰ বৃহৎ কেলেংকাৰি সংঘটিত হৈছে’ বুলি দাবী কৰে।
ইয়াৰ ভিতৰত দুয়োটা বিত্তীয় বর্ষত মুঠ ৮৭গৰাকী গাহৰি পালকক এক লাখ টকাকৈ মুঠ ৮৭লাখ টকা প্ৰদান কৰা বুলি দেখুৱাইছে পৰিষদখনে।কিন্তু বাস্তৱত সেই টকাখিনি ৫০-৫০কৰি শৰাধ কৰিছে পৰিষদখনে।
সেইদৰে দেউৰী সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক উচ্চশিক্ষা গ্ৰহণৰ সুবিধার্থে চৰকাৰে পৰিষদক পুঁজি যোগান ধৰে। কিন্তু পৰিষদখনে কমিছনৰ স্বাৰ্থত অ’এনজিচিৰ বিষয়া টিকেন্দ্ৰ জিৎ দেউৰীৰ পুত্ৰ দেন্তিচ কুমাৰ দেউৰীক দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীলৈ অহা ৫০হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে ।
আনহাতে, দয়ানন্দ দেউৰীয়ে উল্লেখ কৰে যে ‘বৃহস্পতিবাৰে মাজুলীৰ সাংবাদিক গৰাকীয়ে দেউৰী স্বায়ত্ব পৰিষদ খনৰ অধ্যক্ষ মানৱ দেউৰীৰ ভাতৃ গ্ৰীচ দেউৰী, আত্মীয় অপূৰ্ব কুমাৰ দেউৰী আৰু ভিনীয়েক শৰৎ সিং দেউৰীয়ে লুন্ঠণ কৰি নিৰ্মাণ কৰা এটা ৰাস্তাৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল। তাৰ বাবে সাংবাদিক গৰাকীক শাৰীৰিকভাৱে অপদস্ত আৰু হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল গুণ্ডাবাহিনীয়ে।‘
একেদৰে তেওঁ দেউৰী সমাজত সংঘটিত হোৱা এই ব্যাপক দুৰ্নীতিৰ কথা সকলো জানিও দেউৰী সমাজৰ জাতীয় সংগঠন সমূহ আজি কি কাৰণত নিশ্চুপ হৈ আছে তেওঁলোক আজি মাধৱ দেউৰীৰ ওচৰত বিক্ৰী হৈ গল নেকি বুলিও প্ৰশ্ন কৰে।
আনহাতে, সংবাদ মাধ্যমক তেওঁলোকে জানিবলৈ দিয়ে যে এতিয়া কেৱল ৪০%দুৰ্নীতিৰ কথাহে ৰাজহুৱা কৰা হৈছে আৰু ৬০%দুৰ্নীতিৰ কথা এতিয়াও ৰাজহুৱা কৰিবলৈ বাকী আছে।