NORTHEAST NOW (Assamese)

হাথৰাসৰ জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযোগ নামা দাখিল চি বি আইৰ; চাৰিজনৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ

December 19, 2020 10:34 am · এন ই নাও নিউজ
Updated: December 22, 2020 3:04 pm
উৎস-ইণ্টাৰনেট

চি বি আয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ জঘন্য হাথৰস ধৰ্ষণ কাণ্ডৰ অভিযোগনামা দাখিল কৰে।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে হাথৰস কাণ্ডৰ অভিযোগনামাত উক্ত জঘন্য কাণ্ডত জড়িত থকা চাৰিজন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ লিপিবদ্ধ কৰিছে।

সন্দীপ, লৱকুশ, ৰবি আৰু ৰামুৰ বিৰুদ্ধে চি বি আয়ে ধর্ষণ আৰু হত্যাৰ অভিযোগ লিপিবব্ধ কৰিছে বুলি সূত্ৰত প্ৰকাশ।

চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী দলিত যুৱতীক খেতিপথাৰৰ মাজত জঘন্যভাৱে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।

জঘন্য দলবদ্ধ ধৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীয়ে অতি কৰুণভাৱে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি শেষ নিশ্বাস ত্যাগ কৰিছিল।

পৰৱৰ্তী সময়ত উত্তৰপ্ৰদেশ আৰক্ষীয়ে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকৰ অনুপস্থিতি নিশাৰ ভিতৰতে যুৱতী গৰাকীৰ মৃতদেহ সৎকাৰ কৰাক লৈ সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চি বি আয়ে হাথৰস ধৰ্ষণৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

চি বি আয়ে দাখিল কৰা অভিযোগনামাৰ পাছতে ভূক্তভোগীৰ পৰিয়ালে কিছু ন্যায় লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে।

Related News