• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উন্নাও ধৰ্ষণ গোচৰ: প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ চেংগাৰৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব চিবিআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2025 7:30 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নাও ধৰ্ষণ গোচৰৰ মূল অভিযুক্ত তথা বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰৰ শাস্তি স্থগিত ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ নিৰ্দেশক এতিয়া প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো চমুকৈ চিবিআই। সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ আইনী দিশসমূহ পৰীক্ষা কৰিছে আৰু অতি সোনকালে উচ্চতম ন্যায়ালয়ত বিশেষ ছুটীৰ আবেদন বা এছএলপি দাখিল কৰিব। উল্লেখযোগ্য যে ২০১৭ চনৰ এই জঘন্য ধৰ্ষণ গোচৰত নিম্ন আদালতে চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন বিচাৰাধীন হৈ থকাৰ সময়তে এই শাস্তি স্থগিত ৰাখি জামিন মঞ্জুৰ কৰিছে।

অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে জামিন দিলেও কুলদীপ চেংগাৰ এতিয়াই কাৰাগাৰৰ পৰা ওলাই অহাৰ সম্ভাৱনা নাই। ইয়াৰ কাৰণ হ’ল ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃৰ জিম্মাত থকা অৱস্থাত মৃত্যু হোৱা ঘটনাটোত জড়িত আন এটা পৃথক গোচৰত তেওঁ দোষী সাব্যস্ত হৈ ১০ বছৰৰ কাৰাদণ্ড ভুগি আছে। চিবিআইৰ মতে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠৰ ৰায়টো পুংখানুপুংখভাৱে অধ্যয়ন কৰিছে আৰু অভিযুক্ত চেংগাৰক মুকলি কৰি দিলে হ’ব পৰা নেতিবাচক প্ৰভাৱৰ কথা চিন্তা কৰি এই নিৰ্দেশৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে।

Apply Now

দিল্লী উচ্চ ন্যায়ালয়ত শুনানি চলি থকাৰ সময়তো চিবিআই আৰু ভুক্তভোগীৰ পৰিয়ালে কুলদীপ চেংগাৰৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰিছিল। সংস্থাটোৱে আদালতত লিখিত যুক্তি দাখিল কৰি জনাইছিল যে এনে গুৰুতৰ অপৰাধত জড়িত ব্যক্তিৰ শাস্তি স্থগিত ৰখাটো উচিত নহ’ব। একে সময়তে ভুক্তভোগীৰ পৰিয়ালে নিজৰ নিৰাপত্তা আৰু ভাবুকিৰ শংকা প্ৰকাশ কৰি জামিন আবেদনৰ আপত্তি দৰ্শাইছিল। এই সকলোবোৰ দিশ বিবেচনা কৰিয়েই চিবিআইয়ে এতিয়া তৎক্ষণাত উচ্চতম ন্যায়ালয়ত এই নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰস্তুতি চলাইছে।

ইফালে উচ্চ ন্যায়ালয়ে চেংগাৰক জামিন দিলেও তেওঁৰ ওপৰত কেইবাটাও কঠোৰ চৰ্ত আৰোপ কৰিছে। নিৰ্দেশ অনুসৰি তেওঁ ভুক্তভোগীৰ ঘৰৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু দিল্লীতে বাহৰ পাতি থাকিব লাগিব। তদুপৰি তেওঁক ১৫ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু তিনিজন জামিনদাৰৰ গেৰাণ্টি জমা দিবলৈ কোৱা হৈছে। আদালতে লগতে নিৰ্দেশ দিছে যে তেওঁ নিজৰ পাছপ’ৰ্ট জমা দিব লাগিব আৰু প্ৰতি সোমবাৰে স্থানীয় আৰক্ষী থানাত হাজিৰ হ’ব লাগিব। এই চৰ্তসমূহৰ সামান্যতমো উলংঘা হ’লে তেওঁৰ জামিন তৎক্ষণাত বাতিল কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে।

উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই ভুক্তভোগী পৰিয়ালটোক বিচলিত কৰি তুলিছে। ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে অভিযুক্তৰ মুক্তি তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোৰ বাবে মৃত্যু সদৃশ কথা হ’ব পাৰে। তেওঁলোকে ইতিমধ্যে এই সিদ্ধান্তক লৈ দিল্লীত প্ৰতিবাদো সাব্যস্ত কৰিছে। ইয়াৰ পূৰ্বে এই স্পৰ্শকাতৰ গোচৰটো উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰা হৈছিল যাতে নিৰপেক্ষ বিচাৰ আৰু ভুক্তভোগীৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। এতিয়া চিবিআইৰ আবেদনৰ ওপৰতহে নিৰ্ভৰ কৰিব চেংগাৰৰ কাৰাদণ্ড বাহাল থাকিব নে তেওঁ পুনৰ বাহিৰলৈ ওলাই আহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd