গুপ্তধনৰ সন্ধানত যাদুকৰৰ ঘৰত তালাচী চলালে চিবিআই-এ, ক’ত?

a jadu

যাদুকৰৰ ঘৰত গুপ্ত ধন আছে।

সেই কথা যোৱা কিছুদিন ধৰি বিভিন্ন জনৰ মাজত আলোচনা হৈ আহিছে।

সাধাৰণ মানুহতো বাদেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এয়েও আনকি যাদুকৰৰ ঘৰত গুপ্ত ধন লুকুৱাই ৰখা বুলিয়েই পতিয়ন গৈছে।

সেইবাবেই আজি দিনৰ ভাগত যাদুকৰৰ ঘৰত তালাচী চলালে চিবিআই­-এ।

কলকাতাৰ মুকুন্দপুৰত থকা বিখ্যাত যাদুকৰ পিচি সৰকাৰৰ বাসভৱনত আজি দিনত চিবিআইৰ ১০ জনীয়া দল এটাই তালাচী চলায়।

চিবিআইৰ দলটোৱে যাদুকৰ পিচি সৰকাৰৰ ঘৰৰ প্ৰতিটো কোণতে গুপ্ত ধন বিচাৰি সন্ধান চলায় যদিও ধন পাইছে নে নাই সেয়া এতিয়াও ৰাজহুৱা কৰা নাই নাই।

কিন্তু যাদুকৰ সৰকাৰে গুপ্ত ধন পালে ক’ত?

যাদুৰে মানুহক চমকিত কৰি দিয়া যাদুকৰ পিচি সৰকাৰে যাদুৰ বলেৰেই এই ধন লাভ কৰিছে নেকি?

কথাটো আচলতে তেনে নহয়। শেহতীয়াকৈ যাদুকৰ পিচি সৰকাৰৰ নাম জৰিত হৈ পৰিছে টাৱাৰ গ্ৰুপ অৱ কোম্পানীৰ আৰ্থিক কেলেংকাৰিৰ সৈতে।

কোম্পানীটোৱে বিভিন্ন কায়দাৰে বহুতৰে পৰা ধন সৰকাই অহাৰ অভিযোগ উঠিছে।

যাদুকৰ পিচি সৰকাৰেও কোম্পানীটোৱে গ্ৰাহকক প্ৰতাৰণা কৰি ঘটা ধনৰ ভাগ পোৱাৰ অভিযোগ উঠিছে।

সেই অভিযোগৰ ভিত্তিতে চিবিআই­­— এ আজি পিচি সৰকাৰৰ মুকুন্দপুৰত থকা বাসভৱনত তালাচী চলায়।

পিচি সৰকাৰে অৱশ্যে কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ থকাৰ বাবেই কোম্পানীয়ে তেওঁক ধন দিয়া বুলি প্ৰকাশ কৰিছে।

সকলো কথা পোহৰলৈ আহিব চিবিআইৰ তদন্তৰ পিছতহে।