ৰিলায়েন্স কমিউনিকেশ্যন (আৰচিঅ’এম) আৰু ইয়াৰ প্ৰমোটাৰ অনিল আম্বানীৰ বিৰুদ্ধে ২,০০০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থায়। ভাৰতীয় ষ্টেট বেংকৰ অভিযোগৰ পিছতে সংস্থাটোৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে চিবআইয়ে।
শনিবাৰে পুৱা চিবিআইৰ দলে অনিল আম্বানীৰ মুম্বাইৰ বাসগৃহ আৰু আৰচিঅ’এমৰ সৈতে জড়িত কেইবাটাও স্থানত একেলগে অভিযান চলায়। তদন্তকাৰী সূত্ৰৰ মতে, ঋণ ব্যৱহাৰত অনিয়মৰ ফলত এছবিআইয়ে প্ৰায় ২ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।
উল্লেখ্য যে চলিত বৰ্ষৰ ১৩ জুনত এছবিআইয়ে আৰচিঅ’এমৰ ঋণ একাউণ্টক ‘প্ৰৱঞ্চনা’ হিচাপে ঘোষণা কৰিছিল। তাৰ পিছত ২৪ জুনত আৰবিআইক তথ্য জনোৱা হয় আৰু প্ৰচলিত নিয়ম অনুসৰি চিবিআইৰ ওচৰতো গোচৰ দাখিল কৰা হয়।
ইয়াৰ আগতেই ২০২৫ চনৰ ৫ আগষ্টত বলবৎকাৰী সঞ্চালকালয়ে অনিল আম্বানীক প্ৰায় ১৭ হাজাৰ কোটি টকাৰ ঋণ-জালিয়াতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল। ইডিৰ অভিযোগ অনুসৰি, শ্বেল কোম্পানীৰ জৰিয়তে এই ধন অন্য প্ৰতিষ্ঠানলৈ ডাইভাৰ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত প্ৰায় ৩,০০০ কোটি টকা ঋণ য়েছ বেংকে অনুমোদন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
ইডিয়ে ইয়াৰ পূৰ্বেও মুম্বাইত আম্বানীৰ সংগঠনৰ কেইবাটাও চৌহদত অভিযান চলাইছিল। লগতে চিবিআইয়ে ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে এতিয়ালৈকে ৩৫টাতকৈও অধিক গোচৰ ৰুজু কৰিছে।