পুলৱামাত মোডীৰ ভূমিকাক লৈ প্ৰশ্ন কৰা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ঘৰত CBI তালাচী!

যোৱা বছৰ পুলৱামা কাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লোৱাৰ পিছতহে তেওঁ চিবিআইৰ জাননী লাভ কৰিছিল। মোদীৰ কাৰ্যকালতে জম্মু-কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা সত্যপাল মালিকৰ ঘৰত এইবাৰ কেন্দ্ৰীয় সংস্থা চিবিআইয়ে তালাচী অভিযান আৰম্ভ কৰিলে।

বাতৰি অনুসৰি জম্মু-কাশ্মীৰৰ কিৰু জলবিদ্যুৎ প্ৰকল্পত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে বৃহস্পতিবাৰে দেশৰ মুঠ ২৯টা স্থানত অভিযান আৰম্ভ কৰা হৈছে।

মোডীৰ কাৰ্যকালত জম্মু-কাশ্মীৰকে ধৰি চাৰিখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজেপি নেতা সত্যপাল মালিকে যোৱা বছৰ এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত চি আৰ পি এফৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত ৪০ জন জোৱানৰ মৃত্যু হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ কৈছিল।

লগতে পঢ়কঃ ভাৰত চৰকাৰৰ নিৰ্দেশ! একাউণ্ট বন্ধ কৰিও বিৰোধিতা মাস্কৰ সংস্থাৰ; ক’লে মত প্ৰকাশৰ স্বাধীনতাৰ কথা

কাৰণ, তেওঁ প্ৰধানমন্ত্ৰীক জনাইছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গাফিলতি আৰু নিৰাপত্তাৰ সুৰুঙাৰ বাবেই কনভয়ত আক্ৰমণ সংঘটিত হৈছিল।

সত্যপালৰ দাবী যে প্ৰধানমন্ত্ৰীয়ে এইটো বেলেগ বিষয় বুলি কৈ তেওঁ যাতে মুখ বন্ধ কৰি ৰাখে তাৰ ‘নিৰ্দেশনা’ দিছিল। সেই সাক্ষাৎকাৰত সত্যপালে ইংগিত দিছিল যে পুলৱামাত জোৱানৰ মৃত্যুক হয়তো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থাকোঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ ভোটাৰক কৈছিল- “প্ৰথমবাৰৰ ভোটদাতাসকলক কৈছো আপোনাৰ প্ৰথম ভোটটো হয়তো পুলৱামাৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত হ’ব পাৰে!”

লগতে পঢ়কঃ মৃত্যু কৃষক-আৰক্ষী কৰ্মীৰ; ২ দিনৰ বাবে স্থগিত কৃষকৰ ‘দিল্লী চলো’ অভিযান

একেটা সাক্ষাৎকাৰতে সত্যপালে অভিযোগ কৰে যে ২০১৮ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে দুটা ফাইল মুকলি কৰিবলৈ তেওঁক ৩০০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল। চিবিআইয়ে দুখন এফআইআৰ পঞ্জীয়ন কৰে। এটা কিৰু জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত আৰু আনটো ৰিলায়েন্স জেনেৰেল বীমাৰ সৈতে জড়িত। সেই অভিযোগৰ বাবেই চিবিআইয়েও যোৱা বছৰ তেওঁক জেৰা কৰিছিল। যদিও তেওঁ ‘অভিযুক্ত’ হয়নে নে নহয় সেই বিষয়ে কেন্দ্ৰীয় সংস্থাটোৱে একো কোৱা নাই।

উল্লেখ্য যে  ২০১৯ চনত এটা ব্যক্তিগত কোম্পানীক ‘কিৰু জল বৈদ্যুতিক শক্তি প্ৰকল্প’ (HEP) নিৰ্মাণৰ বাবে ২,২০০ কোটি টকাৰ আৱন্টন দিয়া হৈছিল। সেই প্ৰক্ৰিয়াত কোনো ধৰণৰ দুৰ্নীতি হৈছিল নেকি তদন্ত কৰি আছে চি বি আইয়ে।

লগতে পঢ়কঃ আইন উলংঘা কৰি গুজৰাটলৈ নিয়া হৈছে ত্ৰিপুৰাৰ হাতী; বিতৰ্কত আম্বানীৰ এন জি অ’

ইতিমধ্যে চিবিআইয়ে ‘চেনাব ভেলী পাৱাৰ প্ৰজেক্টছ (পি) লিমিটেড’ৰ প্ৰাক্তন অধ্যক্ষ নবীন কুমাৰ চৌধুৰী আৰু এম এছ বাবু, এম কে মিট্টাল, অৰুণ কুমাৰ মিশ্ৰৰ দৰে প্ৰাক্তন বিষয়া আৰু আৱন্টন লাভ কৰা কোম্পানী পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।