মঙলবাৰে চিবিআইয়ে চীট ফাণ্ড কোম্পানী এটাৰ এক প্ৰৱঞ্চনাৰ গোচৰ সংক্ৰান্তত গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জকে ধৰি ৰাজ্যখনৰ কেইবাঠাইতো চালাচী অভিযান চলায়।
সূত্ৰসমূহে ‘নৰ্থইষ্ট নাও’ক জনায় যে চিবিআইৰ দলে শিলিগুৰিৰ প্ৰধান নগৰত পঞ্জীয়ন থকা এটা চীট ফাণ্ড কোম্পানী ছেবা ৰিয়েল ইষ্টেট লিমিটেডৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ সংক্ৰান্তত ৰাজ্যখনৰ ছয় ঠাইত তালাচী চলায়।
চীট ফাণ্ড কোম্পানীটোৰ বিৰুদ্ধে দাৰ্জিলিং জিলাৰ চম্পাচাৰিৰ এগৰাকী বাসিন্দা আজ্ঞানেছিয়া মুণ্ডাই এটা গোচৰ ৰুজু কৰিছিল।
অভিযোগকাৰীয়ে কোৱা মতে তেওঁ কোম্পানীটোত ৫,৫০,০০০ টকা বিনিয়োগ কৰিছিল। কিন্তু তেওঁক দিয়া লাভৰ প্ৰতিশ্ৰুতিৰ সৈতে ধন ঘুৰাই দিয়াৰ পৰিৱৰ্তে ছেবা ৰিয়েল ইষ্টেট লিমিটেডে কোম্পানীটো বন্ধ কৰি দিয়ে তথা তেওঁক প্ৰৱঞ্চনা কৰে।
গোচৰটো যোৱা ২০১৪ চনৰ ৯ মে’ৰ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাছত চিবিআইৰ আওতালৈ আহে। নিৰ্দেশটোত পশ্চিমবংগ আৰু উৰিষ্যাত পঞ্জীয়ন কৰা চীট ফাণ্ড কোম্পানীসমূহৰ বা এন বি এফ চিৰ প্ৰৱঞ্চনাৰ সকলো গোচৰ চিবিআইক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
গোচৰটো হাতত লোৱাৰ পাছত, চিবিআইয়ে মঙলবাৰে ৰাতিপুৱা গুৱাহাটীৰ পল্টনবজাৰৰ ওচৰৰ ছোলাপাৰাৰ এক স্থানত তালাচী চলায়। একেদৰে দলটোৱে বেলতলা অঞ্চলৰ আন এক স্থানতো তালাচী চলায়।
জানিব পৰা মতে, চিবিআইৰ দলটোৱে গোচৰটোৰ সংক্ৰান্তত গুৱাহাটীৰ আন এক স্থানতো তালাচী চলায়।
সূত্ৰসমূহে কয় যে চিবিআইৰ দলে বিশেষ তথ্যৰ ভিত্তিত শিলচৰ চহৰৰ দুটা স্থানতো ছেবা ৰিয়েল ইষ্টেট লিমিটেডৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ সংক্ৰান্তত তালাচী চলায়।
গোচৰটো সংক্ৰান্তত চিবিআইয়ে কৰিমগঞ্জতো তালাচী চলোৱাৰ কথা সূত্ৰসমূহে লগতে জানিবলৈ দিয়ে।
জানিব পৰা মতে, ছেবা ৰিয়েল ইষ্টেট লিমিটেডে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লোকৰ পৰা বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰিছিল, কিন্তু গ্ৰাহকক ধন ঘুৰাই দিয়াটো দূৰৰ কথা, কোম্পানীটোকে বন্ধ কৰি দিছিল।
মঙলবাৰে অসমৰ বিভিন্ন ঠাইত চলোৱা তালাচী অভিযানত কি ধৰণৰ নথি পত্ৰ জব্দ কৰা হৈছে তাৰ সৱিশেষ এতিয়াও জানিব পৰা হোৱা নাই।