সুশান্তৰ মৃত্যু ৰহস্য সম্পৰ্কত চিবিআই তদন্ত আৰম্ভ; কি ক’লে সুশান্তৰ ৰান্ধনী নিৰজে সিঙে?

সুশান্ত সিং ৰাজপুত। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত।

বলিউদৰ সদ্যপ্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কত চিবিআই তদন্ত আৰম্ভ কৰিছে।

চিবিআইয়ে সুশান্তৰ ৰান্ধনী নিৰজক সুশান্ত সম্বন্ধে সোধ-পোছ কৰিছে।

নিৰজে সুশান্তৰ মৃত্যুৰ দিনাখন অভিনেতা গৰাকীক ফলৰ ৰস খাবলৈ দিছিল বুলি প্ৰাথমিক তদন্তত জনায়।

নিৰজক বিহাৰ আৰু মুম্বাই আৰক্ষীয়ে সোধ-পোছ কৰিছে।

নিৰজে উল্লেখ কৰা মতে, সুশান্তে মৃত্যুৰ আগদিনাখন নিশা নিৰজক খোৱাপানী বিচাৰিছিল আৰু ওপৰ মহলালৈ গৈছিল।

আনহাতে, ৰিয়া চক্ৰৱৰ্তীয়ে ১২ জুনত সুশান্তৰ ঘৰৰ পৰা গৈছিল বুলিও নিৰজে চিবিআইক জনায়।

ৰিয়া জোৱাৰ পাছত সুশান্তে তেওঁৰ ঘৰত কাম কৰা কৰ্মচাৰী সকলৰ সৈতে ভালকৈয়ে কথা-বতৰা পাতিছিল বুলি নিৰজে তদন্তত প্ৰকাশ কৰে।

‘‘আমি ছাৰক কাজিয়া কৰা দেখা নাছিলো। বিগত বৰ্ষৰ ডিচেম্বৰত ছাৰ ইউৰোপ ভ্ৰমণলৈ গৈছিল আৰু ইউৰোপ ভ্ৰমণৰ পৰা অহাৰ পাছৰে পৰা ছাৰৰ শৰীৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিছিল,’’ নিৰজে লগতে কয়।

আনহাতে, সুশান্তৰ ঘৰলৈ ৰিয়া আৰু তেওঁৰ ভাতৃ প্ৰায়ে আহিছিল বুলিও নিৰজ সিঙে আৰক্ষীক অৱগত কৰে।

ৰিয়া চক্ৰৱৰ্তী ১২ জুনত যোৱাৰ পাছত ১৪ জুনত সুশান্ত সিং ৰাজপুতে ৰাতিপুৱা ৬ বজাত উঠিছিল আৰু খোজ কাঢ়িবলৈ গৈছিল তেতিয়ালৈ সুশান্তৰ মগজু শান্ত হৈ আছিল বুলিও নিৰজে জানিবলৈ দিয়ে।

সুশান্তে খোজকাঢ়ি অহাৰ পাছতে নিৰজক পানী খোজে আৰু ওপৰ মহলালৈ যায় আৰু নিজৰ কোঠাত তেওঁক আৱদ্ধ কৰে।

পৰৱৰ্তী সময়ত নিৰজে তেওঁক খাদ্য দিয়াৰ বাবে ওপৰলৈ যায় আৰু বহুবাৰ মতাৰ পাছতো ভিতৰৰ পৰা কোনোধৰণৰ উত্তৰ নহাত সুশান্তৰ জেষ্ঠ ভগ্নীক এই সম্পৰ্কত খবৰ কৰে আৰু পিছত মানুহ মাতি আনি দৰ্জা খোলাত সুশান্তৰ মৃতদেহ ওলমি থকা দেখা পায়।