অবৈধ খননৰ গোচৰ : সমাজবাদী পাৰ্টিৰ মূৰব্বী অখিলেক যাদৱক চমন ‘চি বি আই’ৰ

অবৈধ খননৰ গোচৰত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেখ যাদৱক চমন কৰিছে চিবিআইয়ে। চি আৰ পি চিৰ ১৬০ নং ধাৰাত দিল্লীৰ ফেডাৰেল এজেন্সীৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে অখিলেখ যাদৱক।

চিবিআইৰ অভিযোগ অনুসৰি ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত অখিলেশ যাদৱ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত হামিৰপুৰ জিলাত অবৈধ খননৰ গোচৰত এফআইআৰ দাখিল কৰা হৈছিল। সেই এফআইআৰত ১১ জন লোকৰ নাম উল্লেখ কৰা হৈছিল। সেই ১১ জনৰ ভিতৰত আছিল এজন অচিনাক্ত চৰকাৰী কৰ্মচাৰী।

এফ আই আৰ অনুসৰি অবৈধ খননৰ ফলত ৰাজ্যৰ ৰাজকোষৰ লোকচান হোৱাৰ লগতে বিষয়াসকলে নিজৰ স্বাৰ্থৰ বাবে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। সেই এফআইআৰৰ ভিত্তিত চিবিআইয়ে অখিলেশ যাদৱক চমন কৰিছে চি বি আই – এ।

তদন্তত প্ৰকাশ পাইছে যে চৰকাৰী কৰ্মচাৰীয়ে নিবিদা প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈয়ে অবৈধভাৱে নতুন পট্টা অনুমোদন জনাইছিল। এফ আই আৰত এই কথাও উল্লেখ কৰা হৈছে যে অবৈধ খননৰ লগতে পৰিবহণকাৰীৰ পৰা ধন দাবীৰ অনুমতি দিয়া হৈছে।

২০১৬ চনৰ জুলাই মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে হামিৰপুৰত অবৈধ খনন সন্দৰ্ভত চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল। সেই সময়ত উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ আছিল যে প্ৰাকৃতিক সম্পদৰ যিকোনো লুণ্ঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ পিছত ২০১৯ চনৰ জানুৱাৰী মাহত চিবিআইয়ে এই সন্দৰ্ভত এফআইআৰ দাখিল কৰিছিল।