CBSE ৰ দশম-দ্বাদশৰ পৰীক্ষাৰ ফলাফল কেতিয়া? সৱিশেষ জনালে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড বা চিবিএছইৰ দশম-দ্বাদশৰ ফলাফলক লৈ এক ডাঙৰ আপডেট প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় ব’ৰ্ডে ৩ মে’ শুকুৰবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে। কোৱা হৈছে যে চলিত মাহৰ ২০ তাৰিখৰ পিছত ফলাফল প্ৰকাশ পাব। চিবিএছইয়ে এই সন্দৰ্ভত চূড়ান্ত তাৰিখ জানিবলৈ সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত চকু ৰাখিবলৈ কৈছে।

কেন্দ্ৰীয় ব’ৰ্ডৰ সূত্ৰ অনুসৰি একেদিনাই দশম আৰু দ্বাদশ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব পাৰে। লোকসভা নিৰ্বাচনৰ বাবে ফলাফল প্ৰকাশৰ তাৰিখ পলম হোৱা বুলি ধাৰণা কৰা হৈছে। বিগত বছৰবোৰৰ দৰেই ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে ফলাফল পৰীক্ষা কৰিব পাৰিব। ফলাফল চাব পৰা ৱেবছাইটসমূহ হ’ল cbse.nic.in, cbseresults.nic.in, cbseresults.gov.in আৰু cbse.gov.in।

চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল চিবিএছইৰ দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষা। ১৩ মাৰ্চত শেষ হ’ব দশম শ্ৰেণীৰ পৰীক্ষা। আনহাতে ২ এপ্ৰিললৈকে চলি আছিল দ্বাদশ ব’ৰ্ডৰ পৰীক্ষা। চিবিএছইয়ে জনোৱা মতে, এই শ্ৰেণী দুটাৰ বাবে প্ৰায় ৩৯ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে। দুয়োটা ব’ৰ্ড পৰীক্ষা এটা শ্বিফটত কেন্দ্ৰীয় ব’ৰ্ডৰ দ্বাৰা পৰিচালিত হৈছিল। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পুৱা ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ চলিছিল।

লগতে পঢ়কঃ IPL 2024: পুনৰ ব্যৰ্থ হাৰ্দিকৰ মুম্বাই! ৱানখেড়েত নাৰাইন-বৰুণৰ স্পীন মেজিকেৰে কলকাতাৰ ঐতিহাসিক জয়

উল্লেখ্য যে কোভিড পৰিস্থিতিৰ পূৰ্বে চিবিএছইয়ে দশম আৰু দ্বাদশ বৰ্ডৰ পৰীক্ষাৰ ফলাফল পৃথকে পৃথকে প্ৰকাশ কৰিছিল। ২০২০ চনৰ পৰা কেন্দ্ৰীয় ব’ৰ্ডে একেদিনাই কেইঘণ্টামানৰ ভিতৰতে দুয়োটা শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰে। জ্ঞাত সূত্ৰ অনুসৰি এইবাৰো নিয়ম অপৰিৱৰ্তিত থাকিব।

প্ৰসংগক্ৰমে চিবিএছই পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে ফলাফলৰ তাৰিখ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত শেহতীয়াকৈ নেট জগতত এটা ভুৱা অধিসূচনা বিয়পি পৰে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছতে এই সন্দৰ্ভত সকীয়াই দিছে চিবিএছইয়ে। কেন্দ্ৰীয় ব’ৰ্ডে কেৱল ফলাফলৰ দিন জানিবলৈ সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত চকু ৰাখিবলৈ কয়।

চিবিএছইৰ উপৰিও ইণ্ডিয়ান চাৰ্টিফিকেট ফৰ ছেকেণ্ডাৰী এডুকেশ্যন (ICSE) দশম শ্ৰেণী আৰু ইণ্ডিয়ান স্কুল চাৰ্টিফিকেটৰ (ISC) দ্বাদশ শ্ৰেণীৰ ফলাফলৰ তাৰিখৰো ডাঙৰ আপডেট আহিছে। ইংগিত দিয়া হৈছে যে এই ফলাফল চলিত বৰ্ষৰ মে’ মাহৰ তৃতীয় সপ্তাহত প্ৰকাশ পাব। অৱশ্যে আনুষ্ঠানিক তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

লগতে পঢ়কঃমৰ্মান্তিক! উমৰাংছ’ৰ সমীপৰ নীপকোৰ জলকুণ্ডত ডুবি মৃত্যু দুই কিশোৰৰ

যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা ২৮ মাৰ্চলৈ অনুষ্ঠিত হৈছিল আইচিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা। আনহাতে, ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। ২ এপ্ৰিলত শেষ হৈছিল পৰীক্ষা।