চি বি এছ চিৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

CBSE

প্ৰতিনিধিত্বমূলক ফটো

বিগত কেইদিনমান ধৰি চলি থকা অনশ্চিয়তা আৰু গুজৱৰ অন্ত পেলাই অৱশেষত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছচি) সোমবাৰে দুপৰীয়াৰ ভাগত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে।

যোৱা ২ ফেব্ৰুৱাৰিৰ পৰা ২৯ মাৰ্চলৈকে চিবিএছচিৰ অধীনৰ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। এইবাৰ এই পৰীক্ষাত মুঠ ২৭ লাখতকৈয়ো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

তদুপৰি, এইবাৰ ৩৮ দিনত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। যোৱা বছৰ চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৫৫দিনৰ পাছত ঘোষণা কৰা হৈছিল।

এইবাৰ চিবিএছচিয়ে ইয়াৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলো অভিলেখ ধৰণে মাত্ৰ ২৮ দিনত যোৱা ২ মে’ত ঘোষণা কৰিছে। যোৱা বছৰ এই পৰীক্ষাৰ ফলাফল ৪২ দিনৰ পাছতহে ঘোষণা কৰা হৈছিল।

সৱিশেষ এতিয়াও অপেক্ষা কৰা হৈছে।