অতিমাৰীৰ সময়ত শিক্ষাৰ্থীক সহায়ৰ বাবে চিবিএছচিয়ে মুকলি কৰিলে মোবাইল এপ ‘দোস্ত ফৰ লাইফ’

CBSE-750x375

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছচি)য়ে কোভিড-১৯ অতিমাৰীৰ সময়ত ইয়াৰ অধীনৰ বিদ্যালয়সমূহ শিক্ষাৰ্থীসকলৰ মানসিক-সামাজিক সুস্থতা উজ্জীৱিত কৰি ৰখাৰ বাবে এটা নতুন মোবাইল এপ মুকলি কৰিছে।

‘দোস্ত ফৰ লাইফ’ নামৰ এই নতুন এপটো নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু অভিভাৱকসকলে ১০ মে’ৰ পৰা কাউন্সেলিং ছেছনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

এপটোৱে একেসময়তে বিশ্বৰ বিভিন্ন অঞ্চলত চিবিএছচিৰ অধীনৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সামৰি ল’ব।

বোৰ্ডে প্ৰশিক্ষিত কাউন্সেলৰ/অধ্যক্ষৰ দ্বাৰা সপ্তাহৰ সোমবাৰ, শুকুৰবাৰ আৰু বুধবাৰে তিনিদিনকৈ বিনামূলীয়া লাইভ কাউন্সেলিং ছেছন আগবঢ়াব।

এইবছৰ ৮৩গৰাকী স্বেচ্ছাসেৱক আছে যাৰ ভিতৰত ৬৬গৰাকী ভাৰতৰ আৰু ১৭গৰাকী চৌদি আৰৱ, সংযুক্ত আৰৱ এমেৰিটাছ, নেপাল, ওমান, কুৱেইট, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ।

চিবিএছচিৰ অধীনৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলে তেওঁলোকৰ সুবিধা অনুসৰি এক চ্যাটবক্সৰ জৰিয়তে দুটা সময়ৰ ভিতৰত যিকোনো এটা বাচি ল’ব পাৰে। ইয়াৰে এটা সময় হ’ল পুৱা ৯-৩০ বজাৰ পৰা দুপৰীয়া ১-৩০বজা আৰু আনটো ১-৩০বজাৰ পৰা বিয়লি ৫-৩০বজালৈ।

এপটোৱে লগতে শিক্ষাৰ্থীসকলক দ্বাদশ শ্ৰেণীৰ পৰৱৰ্তী সময়ৰ পৰামৰ্শমূলক পাঠ্যক্ৰম নিৰ্দেশনাৰ তথ্য, মানসিক স্বাস্থ্য সম্পৰ্কীয় টিপছ তথা সুস্থতাৰ দিহা, কৰ’নাৰ বাবে পৰামৰ্শ আৰু লগতে সংগীত আগবঢ়াব।

‘দোস্ত ফৰ লাইফ’ এপ গুগল প্লে ষ্ট’ৰত উপলব্ধ আৰু আৰম্ভণিতে যিকোনো এণ্ড্ৰ’ইড মোবাইলত সহজেই ডাউনলোড কৰিব পাৰিব। চিবিএছচিয়ে পৰৱৰ্তী সময়ত আন ফোনতো এই সুবিধা সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিব।