বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা পাতিব চিবিএছইয়ে! কেতিয়াৰ পৰা আৰম্ভ হ’ব নতুন পৰিকল্পনা?

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

শিক্ষাৰ্থীৰ ওপৰত থকা চাপ কমাবলৈ চিবিএছইয়ে এক বিশেষ পদক্ষেপ ল’বলৈ আগবাঢ়িছে৷ বাতৰি অনুসৰি জানিব পৰা গৈছে যে চিবিএছইয়ে বছৰত এবাৰৰ পৰিৱৰ্তে দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। এনে কথাই চিন্তা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাৰে এই বছৰি দুবাৰকৈ বোৰ্ড পৰীক্ষা ।

জানিব পৰা মতে, কেন্দ্রীয় চৰকাৰে চিবিএছইক বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিবলৈ কৈছে৷ এই সন্দৰ্ভত বিদ্যালয়সমূহৰ অধ্যক্ষৰ সৈতেও আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃSupreme Court On NOTA: নোটাত বেছি ভোট পৰিলে কি হ’ব? নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

যোৱা বছৰৰ আগষ্ট মাহত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি পঠন আৰু পৰীক্ষা ব্যৱস্থাত নতুন নিয়ম প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰিছিল। বাতৰি মতে, চিবিএছইৰ পাঠ্যক্ৰমত একাধিক পৰিৱৰ্তন আহি আছে। ইয়াৰ উপৰিও বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনাও কৰা হৈছে।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰা হৈছে যাতে পৰীক্ষাৰ্থীসকলে ভালদৰে প্ৰস্তুতি চলাই ভাল ফলাফল লাভ কৰিব পাৰে। ফলত পৰীক্ষাৰ্থীসকলে যিবোৰ বিষয়ৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰিব সেইবোৰ বিষয়ে দিব।

লগতে পঢ়কঃ IPL 2024: বেয়াৰষ্ট’ৰ সন্মুখত দিশহাৰা কলকাতা; টী-২০ ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি জয়লাভ পঞ্জাবৰ

উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীত ধৰ্মেন্দ্ৰ প্ৰধানে কৈছিল যে, ‘২০২৫-২৬ শিক্ষাবৰ্ষত পৰীক্ষাৰ্থীয়ে বছৰত দুবাৰকৈ পৰীক্ষা দিয়াৰ সুযোগ পাব।’ শিক্ষামন্ত্ৰীগৰাকীৰ মতেই এইবাৰ চিবিএছইয়ে বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে।