• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ত CBSE -এ দাখিল কৰিলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণৰ সূত্ৰ

৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2021 2:16 pm
CBSE submits
307
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ বাবে বাতিল কৰা CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণৰ বাবে বহু শিক্ষাবিদে যি ৩০:৩০:৪০ সূত্ৰৰ পৰামৰ্শ দিছিল সেই বিষয়ে আজি উচ্চতম ন্যায়ালয়ক CBSE -এ অৱগত কৰে।

উচ্চতম ন্যায়ালয়ত আজি এটৰ্নী জেনেৰেল কেকে বেনুগোপালে কয় যে দশম, দ্বাদশ আৰু প্ৰি-বোৰ্ড টেষ্টৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ দশম আৰু , একাদশ শ্ৰেণীৰ ফলাফলৰ লগতে প্ৰি-বোৰ্ড টেষ্টৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বহু বিদ্যালয়ৰ অধ্যক্ষসকলে।

CBSE- এ ইতিমধ্য এখন ১৩ জনীয়া সমিতি গঠন কৰি দিছে। এই সমিতিয়ে ৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণাৰ পৰামৰ্শত অনুমোদন জনালে সেই অনুসৰিয়েই ফলাফল ঘোষণা কৰা হ’ব। কিন্তু কি এই ৩০:৩০:৪০ সূত্ৰ?

৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণা কৰিবলৈ দ্বাদশ শ্ৰেণীৰ পৰাক্ষাৰ্থীৰ দশম শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ,একাদশ শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ আৰু প্ৰি-বোৰ্ড পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ৪০ শতাংশ গুৰুত্ব আৰোপ কৰা হ’ব।

১৭ জুনত সমিতিয়ে উচ্চতম ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিব।উল্লেখ্য বিগত মাহত পৰীক্ষাৰ্থীৰ একাংশ অভিভাৱকে CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাবাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন কৰিছিল।

দেশত অব্যাহত থকা ক’ৰ’নাৰ সংহাৰৰ বাবেই অৱশেষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ভিত্তিত ফলাফল প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছিল।

ইয়াৰোপৰি যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব বিচাৰে তেওঁলোকে পৰিস্থিতি উন্নত হ’লে পৰীক্ষাত বহিব পাৰিব বুলিও কোৱা হৈছিল।

চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে এখন বিশেষ সমিতি গঠন কৰিব বুলিও প্ৰকাশ কৰিছিল আৰু সেইমৰ্মে ১৩ জনীয়া সমিতি গঠনো কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd