ৰে’ল মন্ত্ৰালয়ে দেওবাৰে ঘোষণা কৰিছে যে যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ দেশৰ সকলো যাত্ৰীবাহী ডবা আৰু ইঞ্জিনত চিচিটিভি কেমেৰা স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে নিৰ্বাচিত কিছু ৰে’লত চিচিটিভি ব্যৱস্থাৰ পৰীক্ষামূলক প্ৰকল্পৰ ইতিবাচক ফলাফলৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে।
শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ সভাপতিত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাৰতীয় ৰে’লৱেক ৭৪ হাজাৰ ডবা আৰু ১৫ হাজাৰ ইঞ্জিনত চিচিটিভি কেমেৰা স্থাপনৰ অনুমোদন জনোৱা হৈছে। এই বৈঠকত ৰে’লৱে ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল।
নতুন পৰিকল্পনা অনুসৰি, প্ৰতিখন যাত্ৰীবাহী ডবাত চাৰিটা চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব, যিবোৰ কৌশলগতভাৱে স্থাপন কৰা হ’ব—প্ৰতিটো প্ৰৱেশদ্বাৰত দুটাকৈ—যাতে যাত্ৰীৰ গোপনীয়তা ৰক্ষা কৰি সাধাৰণ অঞ্চলৰ গতিবিধি নিৰীক্ষণ কৰা যায়। প্ৰতিটো ইঞ্জিনত ছটা কেমেৰা লগোৱা হ’ব: সন্মুখ, পিছফালে আৰু কাষত এটাকৈ, লগতে প্ৰতিটো কেবিনত এটা কেমেৰা আৰু দুটা মাইক্ৰ’ফোন স্থাপন কৰা হ’ব।
ৰে’লৱেৰ বিষয়াসকলে জনাইছে যে এই ব্যৱস্থা উত্তৰ ৰে’লৱে নেটৱৰ্কত সফলতাৰে পৰীক্ষা কৰা হৈছে। এই ব্যৱস্থাৰ সংগঠিত অপৰাধী গোটকে ধৰি দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ বন্ধ কৰা আৰু তেওঁলোকক ধৰা পেলোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে যে সকলো চোৱাচিতা সঁজুলিয়ে STQC প্ৰমাণপত্ৰৰ সৈতে কঠোৰ গুণগত মান পূৰণ কৰিব লাগিব। ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক বেগত আৰু কম পোহৰতো উচ্চ ৰিজ’লিউচনৰ ফুটেজ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। লগতে, চোৱাচিতা আৰু সুৰক্ষা ক্ষমতা বৃদ্ধিৰ বাবে ইণ্ডিয়া এআই মিছনৰ সহযোগত চিচিটিভি নেটৱৰ্কৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা একত্ৰিত কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ পৰামৰ্শ প্ৰদআন কৰিছে।
ৰে’লৱেই কয় যে সুৰক্ষা মূল লক্ষ্য হ’লেও যাত্ৰীৰ গোপনীয়তাৰ প্ৰতিও সচেতনতা অৱলম্বন কৰা হৈছে। ব্যক্তিগত ডবা বা বহা ঠাইৰ ভিতৰত কেমেৰা স্থাপন কৰা নহয় কেৱল প্ৰৱেশদ্বাৰৰ ওচৰৰ সাধাৰণ কৰিডৰতহে কেমেৰা লগোৱা হ’ব।