প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। তেওঁ ‘ভ’কেল ফৰ লোকেল’ শ্লোগান দিছে। কিন্তু আচলতে কিবা লাভ হৈছেনে? সেই প্ৰশ্নৰ উত্থাপন হৈছে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ এটা মন্তব্যত। তেওঁ স্পষ্ট ভাষাত ক’লে, ‘কোম্পানীয়ে লাভৰ বাবে ব্যৱসায় কৰে। তাত কোনো সমস্যা নাই। কিন্তু তেওঁলোকৰ নূন্যতম দেশপ্ৰেম থাকিব লাগে।’
জেনেৰেল অনিল চৌহানে ইউ এছ আইৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছিল। তাতেই তেওঁ ঘৰুৱা প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কোম্পানীসমূহৰ প্ৰতি নিজৰ অসন্তুষ্টি মুকলিকৈ প্ৰকাশ কৰে।
প্ৰতিৰক্ষা মুৰব্বীগৰাকীয়ে কয়, ‘প্ৰতিৰক্ষা খণ্ডত কেতিয়াও একপক্ষীয় সংস্কাৰ নহয়। কোম্পানীসমূহে নিজৰ সামৰ্থ্য স্পষ্টভাৱে উল্লেখ কৰিব লাগে। যদি কোনো চুক্তি স্বাক্ষৰিত হয় তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰবৰাহ কৰিব লাগে। অন্যথা দেশৰ প্ৰতিৰক্ষা খণ্ড দুৰ্বল হৈ পৰে।’
চিডিএছে লগতে কয় যে তেওঁ কোম্পানীকেইটাক লৈ স্থল বাহিনীৰ পৰা বহু অভিযোগ লাভ কৰিছে। তেওঁৰ মতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ত ব্যাঘাত জন্মিছিল।
অনিল চৌহানৰ ভাষাত ‘বেছিভাগ ঘৰুৱা কোম্পানীয়ে নিজৰ সামৰ্থ্যৰ বাহিৰত প্ৰতিশ্ৰুতি দিছিল। ফলত তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ডেলিভাৰী দিব নোৱাৰিলে।’ তেওঁৰ স্পষ্ট কথা, ‘এয়া গ্ৰহণযোগ্য নহয়।’
অত্যধিক দামক লৈও চিডিএছে ক্ষোভ প্ৰকাশ কৰে। তেওঁৰ স্পষ্ট কথাবোৰ আছিল, ‘দাম বেছিকৈ ৰখাটো ঠিক নহয়। কেৱল সেনাৰ বাবেই নহয়, বিদেশী বজাৰত জীয়াই থাকিবলৈ আমি প্ৰতিযোগিতামূলক, উচিত মূল্য ৰাখিব লাগিব। যদি আমি দাম বৃদ্ধি কৰো তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত আমি বৰ্তি নাথাকো।’
প্ৰতিৰক্ষা খণ্ডত ঘৰুৱা কোম্পানীসমূহৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰাটো নতুন কথা নহয়। ইয়াৰ পূৰ্বে বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙেও এইচ এ এলৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। যেতিয়া তেওঁলোকে তেজছ যুঁজাৰু বিমানখন সময়মতে ডেলিভাৰী দিব নোৱাৰিলে তেওঁ স্পষ্টভাৱে কৈছিল, ‘আমি এই সময়ত এইচ এ এলক বিশ্বাস নকৰো।’ এইবাৰ চিডিএছেও সেই দিশটোকে আঙুলিয়াই দিলে।





