• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীৰ “এনকাউণ্টাৰ”ক উদযাপন কৰাটো দেশৰ বাবে ভয়ংকৰ ইংগিত আখ্যা সচেতন নাগৰিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2019 5:32 pm
Letter to CJI from Women's and People's Organizations on 4 Police Encounter Deaths in Hyderabad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইদৰাবাদৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গুলীয়াই হত্যা কৰা ঘটনাটো দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰাটোক এটা ভয়ংকৰ ইংগিত হিচাপে চিহ্নিত কৰিছে দেশৰ সচেতন নাগৰিকে।

এই আইন বহিৰ্ভুত কাণ্ডক বিৰোধ কৰাৰ পৰিপক্বতা দেখুওৱা মানুহ সংখ্যাত কম যদিও এওঁলোকৰ মাজত বহুতো বিভিন্ন ৰাজনৈতিক দলৰ নেতা, আইনজ্ঞ, ৰাজনীতিবিদ, গণতান্ত্ৰিক মূল্যবোধৰ হকে কাম কৰা নেতা আছে।

Apply Now

মহিলাৰ অধিকাৰৰ হৈ কাম কৰি থকা একাংশ সংগঠনেও “আৰক্ষীৰ এনকাউণ্টাৰে নাৰীৰ বিৰুদ্ধে অপৰাধ কমাব নোৱাৰে” বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে।

বিজেপিৰ সাংসদ মেনকা গান্ধীয়ে আৰক্ষীৰ কাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰি কয়, “যি ঘটিল দেশৰ বাবে বহুত ভয়ানক কাণ্ড হৈছে।”

অভিযুক্তকেইজনক “এনকাউণ্টাৰ” কৰা আৰু তাৰ পিছত জড়িত আৰক্ষী বিষয়াক প্ৰশংসাৰে উপচাই পেলোৱাকে ধৰি এই কাণ্ডক বিপুল হৰ্ষোল্লাসেৰে সমৰ্থন কৰাটোক মব লিন্সিং কৰি আনন্দ লোৱাৰ সৈতে ৰিজাইছে গণতান্ত্ৰিক চেতনাবোধ থকা টুইটাৰ, ফেইচবুক য়ুজাৰেও।

তেলেংগানা আৰক্ষীয়ে যোৱা নিশা দিশা নামৰ পশুচিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাত অভিযুক্ত চাৰিজন যুৱকক গুলীয়াই হত্যা কৰিছিল। গুলীয়াই হত্যা কৰাৰ সময়ত অভিযুক্তকেইজন আৰক্ষীৰ জিম্মাতে আছিল।

VC Sajjanar
এনকাউণ্টাৰৰ নেতৃত্ব লোৱা আৰক্ষী বিষয়া ভি চি সজ্জনৰ।

আৰক্ষীৰ ভাষ্য মতে, অভিযুক্তকেইজনক অনুসন্ধানৰ অংশ হিচাপে ঘটনাস্থলীলৈ পুৱাৰ ভাগতে লৈ যোৱা হৈছিল আৰু তাৰ পৰা পলাব খোজোতেই তেওঁলোকক গুলীয়াই হত্যা কৰা হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আৰক্ষীৰ উদ্ধৃতিৰে কোৱা হৈছে যে আৰক্ষীৰ পৰা অভিযুক্তকেইজনে অস্ত্ৰ কাঢ়ি লৈছিল আৰু তেওঁলোকক গুলীয়াইছিল।

একাংশই আৰক্ষীৰ এই ভাষ্যত নাটকীয়তা আৱিষ্কাৰ কৰিছে আৰু ইয়াক বিশ্বাসৰ অযোগ্য বুলি কৈছে।

আৰক্ষীয়ে অভিযুক্তকেইজনক যোৱা ২৯ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোক আৰক্ষীৰ জিম্মাতে আছিল। আটাইকেইজনৰ বয়স ২৫ বছৰৰ আশে-পাশে আৰু পেচাত ট্ৰাক চালক আৰু হেণ্ডিমেন আছিল।

২৭ নৱেম্বৰত কৰ্তব্যৰ পৰা ঘূৰি আহোতে পশুচিকিৎসক দিশাক এটা পুলৰ ভিতৰলৈ নি ধৰ্ষণ কৰি জ্বলাই দিয়া হৈছিল। আৰক্ষীৰ এনকাউণ্টাৰত নিহত যুৱককেইজন এই ঘটনাটোৰ প্ৰধান অভিযুক্ত আছিল।

আজি এই আৰক্ষী কাণ্ড #encounter হেছটেগেৰে টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডত শীৰ্ষত আছে আৰু বিতৰ্কৰ দুই মেৰুত ভাৰতীয় নাগৰিক তথা ছ’চিয়েল মিডিয়া য়ুজাৰসকলে অৱস্থান লৈছে।

আৰক্ষী কাণ্ডৰ সমৰ্থকসকলৰ বেছি সংখ্যকেই ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা হেৰুওৱাক এটা অজুহাত হিচাপে দাঙি ধৰিছে।

বিপৰীতে এনেকুৱা কাণ্ডক সমৰ্থন আৰু উদগনি দিয়াটোক সকীয়াই দি ই আহিব লগীয়া দিনবোৰত ভাৰতক ক’লৈ লৈ যাব ধৰণৰ প্ৰশ্ন থিয় কৰাইছে একাংশই।

“খৰধৰ বিচাৰে বিচাৰক কবৰ দিয়ে” (justice hurried is justice buried) বুলি মন্তব্য কৰি এজনে কৈছে, “তেওঁলোকে আদালতত বিচাৰ চলোৱাৰ পিছত শাস্তি পাব পাৰিলে হেঁতেন”।

এজন টুইটাৰ য়ুজাৰে বিজেপিৰ নেতাৰ দ্বাৰা ধৰ্ষিতা এগৰাকীয়ে এতিয়াও ন্যায় নোপোৱাৰ কথা উল্লেখ কৰি সেই অভিযুক্তকো এনকাউণ্টাৰ কৰিলে ফূৰ্তি কৰিব পৰা যাব নেকি বুলি প্ৰশ্ন কৰিছে। আনকি তেওঁক আৰক্ষীয়ে জিম্মাতো ল’বলৈ সাহস কৰা নাই বুলি কটাক্ষ কৰিছে।

আজিৰ দিনটোতে ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল –এই কথাটো টানি আনি এজন টুইটাৰ যুজাৰে এই দুয়োটা ঘটনাৰ সমৰ্থক আৰু উল্লসিতসকলক “ৰক্তপিপাসু” আখ্যা দি লিখিছে, “৬ ডিচেম্বৰ, ১৯৯২, সন্ত্ৰাসবাদী এটা উন্মত্ত দলৰ দ্বাৰা এটা মচজিদ বেআইনীভাৱে ভাঙি দিয়া হৈছিল আৰু ৰক্তপিপাসু সমাজখনে ইয়াক উদযাপন কৰিছিল, ৬ ডিচেম্বৰ, ২০১৯ চনত ৪জন ধৰ্ষণ-অভিযুক্তক আৰক্ষীৰ দ্বাৰা এনকাউণ্টাৰ কৰা হ’ল আৰু ৰক্তপিপাসু সমাজে আৰক্ষীৰ হৈ উল্লাস প্ৰকাশ কৰিছে, একো পৰিৱৰ্তন নাই হোৱা।

আন এজনে স্বামী নিত্যানন্দৰ পৰা স্বামী চিন্ময়ানন্দলৈ তালিকা দি এইসকলক হাইদৰাবাদ পুলিচৰ হাতত গতাই দিবলৈ আৰক্ষীৰ সমৰ্থকসকলক আহ্বান জনাইছে।

আনহাতে ঘটনাটোত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাৰ মন্তব্য, “কি পৰিস্থিতিত অভিযুক্তকেইজনক গুলীওৱা হ’ল জানিব পৰা নাই। কেৱল আৰক্ষীয়েহে আচল কথাটো ক’ব পাৰিব বা তদন্তৰ পিছতহে ওলাব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd