• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিৰকাল অটুট থাকিব অসম-পশ্চিমবংগৰ মাজৰ সাংস্কৃতিক মৈত্ৰীবন্ধন: ড° ৰামকুমাৰ মুখোপাধ্যায়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 8:29 am
e9627a8e-92a3-44d6-a440-76101f9d69ac

কলকাতাত অসম সাহিত্য সভাৰ শতবৰ্ষৰ বিশেষ অনুষ্ঠানত সভাৰ বিষয়ববীয়াৰ সৈতে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ দলে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আদিৰ ছাত্ৰাৱস্থাৰ মহতী সাহিত্য সাধনাক্ষেত্ৰ কলকাতাত শনিবাৰে উত্তোলিত হ’ল অসম সাহিত্য সভাৰ শতবৰ্ষীয় বিশেষ পতাকা।

কলকাতা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সহযোগত অসম ভৱন প্ৰাঙ্গণত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষৰ বিশেষ অনুষ্ঠানৰ শুভাৰাম্ভ কাৰ্যসূচীৰূপে কলকাতা প্ৰবাসী অসমীয়া আৰু সাহিত্য সভাৰ বিষয়ববীয়াই সমস্বৰে গোৱা “অ’ মোৰ আপোনাৰ দেশ ” গীতৰ মাজত পতাকা উত্তোলন কৰে কলকাতা শাখা সাহিত্য সভাৰ উপ-সভাপতি দীপকানন্দ ভঁৰালীয়ে।

Apply Now

শাখা সম্পাদক অনুজ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কলকাতা শাখা তথা কলকাতা অসমীয়া সাংস্কৃতিক সমাজৰ উপদেষ্টা শুভাশিস চক্ৰৱৰ্তীয়ে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পুৰুধা প্ৰতিষ্ঠাতাসকলৰ পৰা আৰম্ভ কৰি শিল্পী দীপালি বৰঠাকুৰলৈ সকলো সাহিত্য কাণ্ডাৰীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

বিয়লি দীপকানন্দ ভঁৰালীৰ সভাপতিত্বত অসম ভৱনৰ সভাকক্ষত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে ঊনবিংশ শতিকাত  কলকাতাৰ মাটিৰ পৰা অসমীয়া ভাষা-সাহিত্যলৈ জোনাক নমাই অনা বৰেণ্য সাহিত্যিকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

তেওঁ সুধাকণ্ঠ ড:ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস আদিৰ প্ৰসঙ্গ উল্লেখেৰে তাহানিৰে পৰা পশ্চিমবংগৰ সৈতে থকা অসমৰ  সাংস্কৃতিক সুসম্পৰ্কৰ কথা ব্যাখ্যা কৰি সেই সম্পৰ্ক চিৰকাল অটুট থাকিব বুলি আশা ব্যক্ত কৰে।

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱকুমাৰ শৰ্মাই আঁত ধৰা আৰু  প্ৰধান সম্পাদক পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পশ্চিমবংগৰ বিখ্যাত নাট্যকাৰ বিভাস চক্ৰৱৰ্তী, সাহিত্য অকাডেমী বঁটা প্ৰাপক ড° ৰামকুমাৰ মুখোপাধ্যায়, লোকসংগীতৰ গৱেষক, বিধায়ক ড° সুখবিলাস বাৰ্মা, সাহিত্যি অকাডেমীৰ আঞ্চলিক সচিব দেৱেন্দ্ৰকুমাৰ দেৱেশ, বিশিষ্ট শিল্পী মন্দিৰা লাহিড়ী, সাহিত্য অকাডেমী বঁটা প্ৰাপক বিপুল দেউৰী আদিয়ে বিশিষ্ট অতিথিৰ বক্তৃতা প্ৰদান কৰে।

প্ৰতিগৰাকী বক্তাই দুয়োখন ৰাজ্যৰ মাজত বৌদ্ধিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা দাঙি ধৰি কোনো অশুভ শক্তিয়ে সেই সম্পৰ্কত ঘূণ লগাব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে।

বিশিষ্ট সাহিত্যিক শক্তিময় দাস, বাসুদেৱ দাস প্ৰমুখ্যে পশ্চিমবংগৰ বহু লেখক-শিল্পীৰ উপৰি অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক যতীন্দ্ৰনাথ সূত, আন্তৰাজ্য-বিদেশ মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক নুৰুল চুলতান, প্ৰকাশন উপসমিতিৰ আহ্বায়ক মানিক আহমেদ , শিল্পী বিদ্যাসাগৰ, ভিতালী দাস, তৰালী শৰ্মা আদি উপস্থিত থকা সভাত প্ৰসিদ্ধ বাউল শিল্পী পূৰ্ণদাস বাউলক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

সভাত সাহিত্য সভাৰ কেন্দ্ৰীয় আৰু কলকাতা শাখাৰ বিষয়ববীয়া উপস্থিত থাকে।  মুকলি সভাৰ পিছত অসম ভৱনৰ চৌহদত নিৰ্মাণ কৰা মঞ্চত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। এটি সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা  অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী নৱ দলেই সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি কলকাতা প্ৰবাসী অসমীয়াসকলৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু সাংস্কৃতিক মৈত্ৰীবন্ধনৰ কামত অসম সাহিত্য সভাক তেওঁ পাৰ্যমানে সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।

অনুষ্ঠানত লোকসংগীতৰ বিশিষ্ট গৱেষকৰূপে সুপৰিচিত বিধায়ক ড° সুখবিলাস বাৰ্মা, অসমৰ সুকণ্ঠী গায়িকা তৰালী শৰ্মা, ভিতালী দাস, মধুস্মিতা ৰাভা, মনোমিতা ৰয় আৰু  বিদ্যাসাগৰে গীত পৰিৱেশন কৰে। দীপালি বৰঠাকুৰৰ পৰা আৰম্ভ কৰি বিহুগীতলৈ বিভিন্ন গীতেৰে অসম ভৱনৰ চৌহদ মুখৰ হৈ উঠা সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

প্ৰধান সম্পাদক পদুম ৰাজখোৱাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা অনুষ্ঠানত তিনিগৰাকী যশস্বী শিল্পী ক্ৰমে ডলি ঘোষ, দেৱযানি চলিহা আৰু মধুমতী গোস্বামীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd