Omicron Threat: কেন্দ্ৰৰ নতুন নিৰ্দেশনা: অ’মিক্ৰনৰ আতংকত কাৰ বাবে বাধ্যতামূলক কৰা হ’ল RT-PCR?

International-Air-Travel-

প্রতিনিধিত্বমূলক ফটো।

Omicron Threat কৰ’নাৰ নতুন ভেৰিয়েন্টক লৈ সমগ্ৰ বিশ্বই আতংকিত হৈ পৰিছে। নতুন অ’মিক্ৰন ভেৰিয়েন্টক ডেল্টাতকৈ অধিক সংক্ৰামক বুলি কোৱা হৈছে।

অ’মিক্ৰনৰ এনে আতংকৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অহা ১৫ ডিচেম্বৰৰ পৰা স্বাভাৱিক ৰূপত আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া পুনৰ বিবেচনাৰ কথা ঘোষণা কৰিছে।

ইপিনে, অহা ১ ডিচেম্বৰৰ পৰা নতুন কোভিড বিধি প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত দেওবাৰে কেন্দ্ৰই নিৰ্দেশনা প্ৰকাশ কৰিছে।

এই নতুন নিৰ্দেশনা অনুসৰি, অ’মিক্ৰনৰ বাবে অহা ১ ডিচেম্বৰৰ পৰা বিদেশৰ পৰা সকলো যাত্ৰীয়ে বিগত ১৪ দিনৰ ট্ৰেভেল হিষ্ট্ৰী জমা দিব লাগিব।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ’ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত?

তদুপৰি, বিদেশৰ পৰা অহা যাত্ৰীসকলে আৰটি-পিচিআৰ টেষ্টৰ ৰিপ’ৰ্ট জমা দিব লাগিব। যাত্ৰীসকলে কেন্দ্ৰৰ এয়াৰ সুবিধা প’ৰ্টেলত এখন ছেল্ফ ডিক্লাৰেশ্যন ফৰ্ম পূৰণ কৰি সকলো তথ্য জমা দিব লাগিব।

আনহাতে, যাত্ৰা কৰাৰ ৭২ ঘন্টাৰ পূৰ্বে কৰা আৰটি-পিচিআৰ টেষ্টহে গ্ৰহণযোগ্য হ’ব বুলিও কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। এইক্ষেত্ৰত কোনোৱে ভুৱা ৰিপ’ৰ্ট জমা দিলে সেই যাত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ কৰা হ’ব।

সেইদৰে, সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা বিমানযাত্ৰীসকল, বিশেষকৈ ব্ৰিটেইনকে ধৰি ইউৰোপীয় দেশসমূহ, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বাংলাদেশ, বাৎছোৱানা, চীন, মৰিছাছ, জিম্বাবৱে, নিউজিলেণ্ড, হংকং, ছিংগাপুৰ, ইজৰাইলৰ পৰা যাত্ৰীসকলৰ ওপৰত দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

Also Read: Operation Against Drugs কোকৰাঝাৰত ড্ৰাগছৰ সৈতে আটক এজন যুৱক, এজনৰ পলায়ন; জব্দ প্ৰায় ৩ গ্ৰাম ড্ৰাগছ

উক্ত দেশসমূহৰ কোনো যাত্ৰী ভাৰতলৈ আহিলে তেওঁলোকে নিজৰ খৰচত কৰ’না টেষ্ট কৰিব লাগিব আৰু সেই টেষ্টৰ ফলাফল নহালৈকে বিমানবন্দৰতে থাকিব লাগিব। ফলাফল পজিটিভ ধৰা পৰিলে আনুষ্ঠানিক কোৱাৰেন্টাইনত ৰখা হ’ব।