NORTHEAST NOW (Assamese)

নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ ১০০ কোটি টকা আৱণ্টনক আদৰণি অসম ৰাজ্যিক বিজেপিৰ

September 10, 2020 6:31 am · এন ই নাও নিউজ
Updated: September 10, 2020 6:36 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সংকটৰ সময়তো অষ্টলক্ষ্মী হিচাপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ নামৰূপ সাৰ কাৰখানালৈ সৰ্বাংগীন উন্নয়নৰ হেতু ১০০ কোটি টকা আৱণ্টন দিয়া পদক্ষেপক ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এই বৃহৎ সংখ্যক টকাৰে সাৰ কাৰখানাটোত নতুনত্বৰ সমাহাৰ ঘটাই পুনৰ্জীৱিত কৰি অধিক কাৰ্যক্ষম কৰি তুলিব বুলি ৰাজ্যিক বিজেপিয়ৰ জানিবলৈ দিয়ে।

এক প্ৰেছ বিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে NRL শোধনাগাৰ বাবে ৩০০০ কোটি টকাৰ আৱন্টন দিছিল আকৌ এতিয়া পুনৰ নামৰূপ সাৰ কাৰখানাৰ বাবে ১০০ কোটি টকা আৱন্টন দিয়া কাৰ্যই প্ৰমাণিত কৰে যে, অসম সদায়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চেনেহৰ আৰু তেখেতে অসমক সদায় এক বিশেষ দৃষ্টিৰে চায়।

বিগত প্ৰায় দুমাহ ধৰি চৰ্চাত থকা গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথত কেন্দ্ৰীয় চৰকাৰে শেষ অনুমতি দিয়া কাৰ্যক আদৰণি জনাই মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, বিজেপি দলে সদায় দেশৰ সাৰ্বভৌমত্ব ৰক্ষা, দেশৰ ভৱিষ্যত উন্নতিৰ হকে কাম কৰি যাব।

ইয়াৰ উদাহৰণ স্বৰূপে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথৰ কথা উনুকিয়াই কয় যে, ভৱিষ্যতে ভাৰত-চীনৰ যুদ্ধ হ’লে এই সুৰংগ পথে ভাৰতীয় সেনাৰ সহায়কাৰী হিচাপে কাম কৰিব।

সেনাৰ সহায়ক হোৱাকৈ বহু গধুৰ যুদ্ধ সামগ্ৰী এই সুৰংগইদি কঢ়িয়াই নিব পাৰিব আৰু এই সুৰংগক চীনে বোমা, মিছাইলৰ দ্বাৰাও ধ্বংস কৰিব নোৱাৰিব। বিজেপি চৰকাৰে এই কাম দেশৰ ভবিষ্যতৰ কথা চিন্তা কৰিহে হাতত লৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বাবে ঘোষণা কৰা মুঠ ১২৭.৭০ কোটি টকা ব্যয়ৰ ৩২৯ খন আঁচনিৰ সন্দৰ্ভত মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, এই কাৰ্যই সত্ৰ নগৰী মাজুলীৰ আৰ্থ সামাজিক উন্নয়নৰ দিশত এক নৱজাগৰণৰ সৃষ্টি কৰিব।

মাজুলীৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয়, এনে পদক্ষেপে খুব সোনকালেই মাজুলীক অসমৰ এক অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ হিচাপ গঢ়ি তুলিব আৰু আমি ইয়াক আদৰণি জনাইছো বুলিও কয় ঠাকুৰীয়াই।

Related News