NORTHEAST NOW (Assamese)

২৬ জানুৱাৰিত প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কেন্দ্ৰৰ

January 12, 2021 4:53 pm · এন ই নাও নিউজ

কেন্দ্ৰ চৰকাৰে গণৰাজ্য দিৱসৰ দিনাখন কৃষকৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে এমাহতকৈ অধিক সময় আন্দোলন অব্যাহত ৰখা কৃষক সকলে এই আইন বাতিল নকৰিলে ২৬ জানুৱাৰিত ট্ৰেক্টৰ ৰেলী উলিওৱাৰ কথা ঘোষণা কৰিছিল।

পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা হাজাৰ হাজাৰ কৃষকে এই ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰাৰ কথা আছিল।

কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক ২৬ জানুৱাৰিত কৃষক সকলৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে আবেদন কৰিছে।

আনহাতে, মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী সীমান্তত চলি থকা কৃষক আন্দোলনৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে পৰিৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিতৰ্কিত কৃষি আইনত স্থগিতাদেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে আইনখনত থকা বিবাদমান বিষয় সমূহৰ সমাধান উলিওৱাৰ বাবে এখন উচ্চস্তৰীয় সমিতিয়ো গঠন কৰি দিছে।

এই সমিতিখনে কৃষি আইনত থকা বিবাদমান বিষয় সমূহ প্ৰতিবাদী কৃষক সকলৰ সৈতে আলোচনা কৰিব।

 

Related News