NORTHEAST NOW (Assamese)

ভাল খবৰ! দেশৰ সকলোৱে এটা দিনতে লাভ কৰিব দৰমহা; মোদী চৰকাৰে লৈছে পদক্ষেপ

November 16, 2019 11:21 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

নৰেন্দ্ৰ মোদী চৰকাৰে বেলেগ বেলেগ খণ্ডত কাম কৰি থকা কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত ল’ব বিচাৰিছে।

চৰকাৰে এখন দেশ, দৰমহাৰ দিন এটা কৰাৰ এক সিদ্ধান্তৰ ওপৰত কাম কৰি আছে। চৰকাৰৰ প্ৰচেষ্টা হৈছে যে দেশৰ সকলো কৰ্মচাৰীয়ে এটা দিনতে নিজৰ দৰমহা যাতে লাভ কৰে।

কেন্দ্ৰীয় শ্ৰম বিভাগৰ মন্ত্ৰী সন্তোষ গংগৱাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে “এখন দেশ,দৰমহাৰ দিন এটা’ নিয়ম প্ৰৱৰ্তনৰ বাবে প্ৰস্তুতি চলাই আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ হিতৰ কথা লক্ষ্য ৰাখি চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দিশত কাম কৰি আছে।

গংগৱাৰে কয় যে বেলেগ বেলেগ খণ্ডৰ কৰ্মচাৰীসকলৰ দৰমহা সময়মতে হোৱাটো সুনিশ্চিত কৰিবলৈ গোটেই দেশতে এটা দিনতে দৰমহা দিয়াৰ ব্যৱস্থা হোৱা উচিত।

তেওঁ জানিবলৈ দিয়ে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বাবে শীঘ্ৰেই আইন প্ৰণয়ন হোৱাটো বিচাৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “ছিকিউৰিটি লীডাৰশ্বিপ ছামিট,২০১৯’ত ভাষণ দি লগতে কয় যে চৰকাৰে কৰ্মচাৰীসকলৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি সকলো খণ্ডতে ন্যুনতম দৰমহা এক সমান কৰাৰ দিশতো কাম কৰি আছে।

Related News