• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শত্ৰুৰ ভূমিত আক্ৰমণৰ সক্ষমতা প্ৰদৰ্শনেৰে থৰ মৰুভূমিত ৪০,০০০ সেনাৰ সামৰিক অনুশীলন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2019 9:42 am
jaisalmer-759

থৰ মৰুভূমিত ভাৰতীয় সেনাৰ সামৰিক অনুশীলন। ফটো সৌজন্য: ইণ্ডিয়ান এক্সপ্ৰেছৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি ভাৰতীয় সেনাৰ ছাউদাৰ্ণ কমাণ্ডৰ সুদৰ্শন চক্ৰ বাহিনীয়ে থৰ মৰুভূমিত এক আটাইতকৈ বৃহৎ সামৰিক অনুশীলন চলাইছে।

ইয়াৰ দ্বাৰা পশ্চিম দিশৰ শত্ৰু ভূমিৰ সীমান্ত জুৰি আক্ৰমণৰ সক্ষমতা জুখি চোৱাৰ চেষ্টা চলোৱা হৈছে।

Apply Now

সিন্ধু নদীক ঢুকি পোৱাৰ লক্ষ্য আগত ৰাখি কৰা উক্ত অনুশীলনৰ নাম ৰখা হৈছে সিন্ধু সুদৰ্শন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত ইয়াৰ সৱিশেষ প্ৰকাশ পাইছে।

প্ৰায় দুমাহ জুৰি চলিবলগীয়া সিন্ধু সুদৰ্শন অনুশীলন বৰ্তমান শেষ পৰ্যায়ত উপনীত হৈছে। “সকলো অস্ত্ৰ’ৰে এখন যুদ্ধৰ অনুশীলনত ভাগ লৈছে ৪০,০০০ সেনাই। “সকলো অস্ত্ৰ’ই ৰকেট লাঞ্চাৰ, অত্যাধুনিক বৃহৎ বন্দুক, সশস্ত্ৰ বাহন, পদাতিক সেনা আৰু বায়ুসেনা বাহিনীৰ সহযোগত শত্ৰুভূমিত আঘাত হানিব পৰা সেনাৰ এক যুঁজাৰু গোট হিচাপে কাম কৰা সেনা আকাশমাৰ্গ প্ৰতিৰক্ষাক সামৰি লোৱা হৈছে।

এই বৃহৎ অনুশীলনটো থৰ মৰুভূমিত এটা কাল্পনিক আন্তৰ্জাতিক সীমান্ত চিহ্নিত কৰি শত্ৰুপক্ষ হিচাপে একাংশ বাহিনীক মকৰল কৰি চলোৱা হৈছে।

সেনা বিষয়াৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে অনুশীলনটোৰ মুখ্য দিশ হৈছে ইয়াত নিৰীক্ষণ, ধ্বংসলীলা আৰু সহযোগী ব্যৱস্থাসমূহক এটা নেটৱৰ্কত ইটোৰে-সিটোৰ সম্পৰ্কিত কৰাৰ প্ৰচেষ্টা।

অনুশীলনটোত লগতে সেনা আৰু বায়ুসেনাৰ মাজত এক উচ্চ পৰ্যায়ৰ সহযোগিতা গঢ়াৰ প্ৰয়াস কৰা হৈছে কিয়নো ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে আক্ৰমণ তথা জৰুৰী সেনা সঞ্চালনত মুখ্য ভূমিকা পালন কৰে।

অনুশীলনত সেনাৰ ছাউদাৰ্ণ কমাণ্ডৰ সুদৰ্শন চক্ৰৰ বাহিনীৰ  ৪০,০০০ সেনাৰ উপৰি ৭০০খন সশস্ত্ৰ বাহন আৰু ৩০০ অত্যাধুনিক বন্দুক ব্যৱহাৰ কৰা হৈছে।

তদুপৰি,  ইলেক্ট্ৰ’-অপটিকেল পডছ, হেলমেট-মাউন্টেড ছাইটছ আৰু নাইট ভিছন গুগুলছৰে সৈতে নতুনকৈ অন্তৰ্ভুক্ত কৰা সশস্ত্ৰ হেলিকপ্টাৰ ৰুদ্ৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে ব্যৱহাৰ কৰা হৈছে অলপতে অন্তৰ্ভুক্ত কৰা ১৫৫এমএম কে৯ “বজ্ৰ’ৰো।

এই প্ৰচেষ্টাৰ অংশ হিচাপে বিভিন্ন সংহত যুঁজাৰু গোটক ১০০ কিলোমিটাৰ সীমান্তৰ বেলেগ বেলেগ স্থানত আক্ৰমণৰ বাবে উদ্যত কৰি তোলা হয়। গোটসমূহৰ মাজত যোগাযোগৰ লগতে এটা গোটে আনটো গোটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি এটা ঐক্যবদ্ধ শক্তি হিচাপে যুঁজ দিয়াত গুৰুত্ব দিয়া হয়।

সীমান্ত অঞ্চলত ভাৰতৰ এনে সামৰিক অনুশীলনে সীমান্তৰ সিপাৰৰ শত্ৰুপক্ষৰ বাবে মূৰৰ কামোৰণিৰ যে সৃষ্টি কৰিব তাত কোনো সন্দেহ নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd