• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শত্ৰুৰ ভূমিত আক্ৰমণৰ সক্ষমতা প্ৰদৰ্শনেৰে থৰ মৰুভূমিত ৪০,০০০ সেনাৰ সামৰিক অনুশীলন

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , November 16, 2019 9:42 am

2 min read

jaisalmer-759

থৰ মৰুভূমিত ভাৰতীয় সেনাৰ সামৰিক অনুশীলন। ফটো সৌজন্য: ইণ্ডিয়ান এক্সপ্ৰেছৰ

34.8k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি ভাৰতীয় সেনাৰ ছাউদাৰ্ণ কমাণ্ডৰ সুদৰ্শন চক্ৰ বাহিনীয়ে থৰ মৰুভূমিত এক আটাইতকৈ বৃহৎ সামৰিক অনুশীলন চলাইছে।

ইয়াৰ দ্বাৰা পশ্চিম দিশৰ শত্ৰু ভূমিৰ সীমান্ত জুৰি আক্ৰমণৰ সক্ষমতা জুখি চোৱাৰ চেষ্টা চলোৱা হৈছে।

সিন্ধু নদীক ঢুকি পোৱাৰ লক্ষ্য আগত ৰাখি কৰা উক্ত অনুশীলনৰ নাম ৰখা হৈছে সিন্ধু সুদৰ্শন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত ইয়াৰ সৱিশেষ প্ৰকাশ পাইছে।

প্ৰায় দুমাহ জুৰি চলিবলগীয়া সিন্ধু সুদৰ্শন অনুশীলন বৰ্তমান শেষ পৰ্যায়ত উপনীত হৈছে। “সকলো অস্ত্ৰ’ৰে এখন যুদ্ধৰ অনুশীলনত ভাগ লৈছে ৪০,০০০ সেনাই। “সকলো অস্ত্ৰ’ই ৰকেট লাঞ্চাৰ, অত্যাধুনিক বৃহৎ বন্দুক, সশস্ত্ৰ বাহন, পদাতিক সেনা আৰু বায়ুসেনা বাহিনীৰ সহযোগত শত্ৰুভূমিত আঘাত হানিব পৰা সেনাৰ এক যুঁজাৰু গোট হিচাপে কাম কৰা সেনা আকাশমাৰ্গ প্ৰতিৰক্ষাক সামৰি লোৱা হৈছে।

এই বৃহৎ অনুশীলনটো থৰ মৰুভূমিত এটা কাল্পনিক আন্তৰ্জাতিক সীমান্ত চিহ্নিত কৰি শত্ৰুপক্ষ হিচাপে একাংশ বাহিনীক মকৰল কৰি চলোৱা হৈছে।

সেনা বিষয়াৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে অনুশীলনটোৰ মুখ্য দিশ হৈছে ইয়াত নিৰীক্ষণ, ধ্বংসলীলা আৰু সহযোগী ব্যৱস্থাসমূহক এটা নেটৱৰ্কত ইটোৰে-সিটোৰ সম্পৰ্কিত কৰাৰ প্ৰচেষ্টা।

অনুশীলনটোত লগতে সেনা আৰু বায়ুসেনাৰ মাজত এক উচ্চ পৰ্যায়ৰ সহযোগিতা গঢ়াৰ প্ৰয়াস কৰা হৈছে কিয়নো ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে আক্ৰমণ তথা জৰুৰী সেনা সঞ্চালনত মুখ্য ভূমিকা পালন কৰে।

অনুশীলনত সেনাৰ ছাউদাৰ্ণ কমাণ্ডৰ সুদৰ্শন চক্ৰৰ বাহিনীৰ  ৪০,০০০ সেনাৰ উপৰি ৭০০খন সশস্ত্ৰ বাহন আৰু ৩০০ অত্যাধুনিক বন্দুক ব্যৱহাৰ কৰা হৈছে।

তদুপৰি,  ইলেক্ট্ৰ’-অপটিকেল পডছ, হেলমেট-মাউন্টেড ছাইটছ আৰু নাইট ভিছন গুগুলছৰে সৈতে নতুনকৈ অন্তৰ্ভুক্ত কৰা সশস্ত্ৰ হেলিকপ্টাৰ ৰুদ্ৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে ব্যৱহাৰ কৰা হৈছে অলপতে অন্তৰ্ভুক্ত কৰা ১৫৫এমএম কে৯ “বজ্ৰ’ৰো।

এই প্ৰচেষ্টাৰ অংশ হিচাপে বিভিন্ন সংহত যুঁজাৰু গোটক ১০০ কিলোমিটাৰ সীমান্তৰ বেলেগ বেলেগ স্থানত আক্ৰমণৰ বাবে উদ্যত কৰি তোলা হয়। গোটসমূহৰ মাজত যোগাযোগৰ লগতে এটা গোটে আনটো গোটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি এটা ঐক্যবদ্ধ শক্তি হিচাপে যুঁজ দিয়াত গুৰুত্ব দিয়া হয়।

সীমান্ত অঞ্চলত ভাৰতৰ এনে সামৰিক অনুশীলনে সীমান্তৰ সিপাৰৰ শত্ৰুপক্ষৰ বাবে মূৰৰ কামোৰণিৰ যে সৃষ্টি কৰিব তাত কোনো সন্দেহ নাই।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd