বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিছন ব্লু’ত উপভোক্তা, খাদ্য আৰু সাৰ্বজনীন বিতৰণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰাওচাহেব পাটিল ডানভেয়ে এক সংবাদমেল সম্বোধন কৰে।
গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰে।
তেওঁ আশু সমাধান যোগ্য বিষয়বোৰ শীঘ্ৰে সমাধানৰ পদক্ষেপ লোৱাৰ কথা সংবাদমেলযোগে জানিব দিয়ে।
বৰ্তমান চৰকাৰৰ হাতত ঘেহুঁ, চাউল, চেনি, পিয়াজ পৰ্যাপ্ত পৰিমাণৰ মজুত থকা বুলিও জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইপিনে, ‘দেশৰ ৮১ কোটি দৰিদ্ৰ জনতাক ২ টকাত ঘেহুঁ আৰু ৩ টকাত চাউল প্ৰদান কৰা’ৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।
সামগ্ৰীসমূহ ৰখাৰ বাবে গুদামৰ নাটনিৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা লোৱা হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাওচাহেব পাটিল ডানভেই।
ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগত আলোচনা সম্পন্ন কৰি অসমৰ জোনাই, দৰং, কোকৰাঝাৰ, মৰিগাঁও,কাৰ্বি আংলং, বৰপেটা, চৰাইদেউত এফ চি আইৰ গুদাম নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।
তদুপৰি, চুবুৰীয়া ৰাজ্য মণিপুৰ, মেঘালয়তো এফ চি আইৰ গুদাম নিৰ্মাণৰ পদক্ষেপ হাতত লোৱাৰ কথা জানিব দিয়ে ডানভেই।
ইতিমধ্যে, জোনাইত গুদাম নিৰ্মাণৰ ৭০ শতাংশ কাম সমাপ্ত হৈছে বুলি তেওঁ জানিব দিয়ে।
অসম তথা উত্তৰ-পূবক প্ৰধান মন্ত্ৰীয়ে সকলো ক্ষেত্ৰতে অধিক গুৰুত্ব দিয়ে আৰু প্ৰত্যেক মাহেই একোজন কেন্দ্ৰীয় মন্ত্ৰীক উত্তৰ পূবলৈ আহিবৰ বাবে নিৰ্দেশ দিয়াৰ কথাও ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।