চাংসাৰিৰ এইমছৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে কেন্দ্ৰীয় দলে

59100-swucnhnqol-1495785385

চাংসাৰিৰ এইমছৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। ফাইল ফটো

চাংসাৰিত স্থাপন হ’বলগীয়া এইমছৰ ভূমিত দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় চৰৰকাৰৰ এটি পৰ্যবেক্ষকৰ দল। কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনৰ নেতৃত্বত উচ্চ পদস্থ বিষয়াৰ দলটোৱে কামৰূপৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰস্তাৱিত ভূমিত আহি উপস্থিত হয়।

উল্লেখযোগ্য যে ২০১৭ চনৰ ২৬ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশিলা স্থাপন কৰাৰ প্ৰায় ডেৰ বছৰ পাছত কালি কেন্দ্ৰীয় দলটো কামৰ বুজ ল’বলৈ আহি উপস্থিত হয়।

কেন্দ্ৰীয় দলটো আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে কামৰূপ জিলা (গ্ৰাম্য)ৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক লগত লৈ দলটোৱে এইমছৰ ভূমিত উপস্থিত হৈ গোটেই কামকাজ পৰ্যবেক্ষণ কৰে। কেন্দ্ৰীয় সচিব গৰাকীয়ে এইমছৰ নিৰ্মাণৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াসকলৰ লগতো আলোচনাত মিলিত হৈ নিৰ্মাণৰ কাম খৰতকীয়া কৰি তোলাৰ নিৰ্দেশ দিয়ে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটতে অসমত এইমছ স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল। অৱশ্যে নিৰ্মাণৰ স্থানক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ অৱসান ঘটাই চাংসাৰিতে প্ৰস্তাৱিত এইমছ স্থাপনৰ সিদ্ধান্তৰ লগতে ৰাজ্য চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনে উত্তৰ গুৱাহাটী ৰাহজ চক্ৰৰ চাংসাৰিৰ জালাহ গাঁৱৰ ৫৭১ বিঘা মাটিতে এইমছ স্থাপনৰ স্থান চূড়ান্ত কৰে।

অসমত এইমছৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১১২০ কোটি টকাৰ আৱন্টন দিয়ে। কিন্তু অসম চৰকাৰে এইমছ নিৰ্মাণৰ কাম লেহেমীয়া কৰাৰ অভিযোগ উঠাৰ পাছত উক্ত ভূমিত কামকাজ আৰম্ভ কৰা পৰিলক্ষিত হয়।

দেওবাৰে পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰীয় দলৰ ভ্ৰমণৰ পাছৰে পৰা এতিয়া জিলা প্ৰশাসনে কামকাজ খৰতকীয়া কৰি তোলাৰ তৎপৰতা প্ৰদৰ্শন কৰিছে।