আধাৰ কাৰ্ড সম্পৰ্কীয় নিয়মৰ সংশোধন কৰিছে কেন্দ্ৰই; সমস্যাত পৰিব নেকি কোটি কোটি নাগৰিক?

Centre amends Aadhaar rules কেন্দ্ৰীয় চৰকাৰে আধাৰ সম্পৰ্কীয় নিয়মৰ সংশোধন কৰিছে। চৰকাৰে কৈছে যে আধাৰ ধাৰকসকলে ইয়াক জাৰী কৰাৰ ১০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত “কমেও এবাৰ” আপডেট কৰিব লাগিব। ইয়াৰ পূৰ্বে ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে (UIDAI) একে অনুৰোধ কৰিছিল। অৱশ্যে এইবাৰ কেন্দ্ৰই নিয়মবোৰ সম্পূৰ্ণৰূপে সলনি কৰিছে।

আধাৰ কাৰ্ডৰ তথ্য অনলাইন বা আধাৰ কেন্দ্ৰলৈ গৈ আপডেট কৰিব পাৰিব। আধাৰ তালিকাভুক্ত কৰা তাৰিখৰ ১০ বছৰৰ ভিতৰত কাৰ্ডখন প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আপডেট কৰিব লাগিব। আপুনি এইটো প্ৰতি ১০ বছৰত কৰিব লাগিব।

লগতে পঢ়ক: ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ; কাৰণটো কি?

চৰকাৰী সুবিধা লাভ কৰিবলৈ সকলোৱে তেওঁলোকৰ আধাৰ তথ্য আপডেট কৰিব লাগিব। তেতিয়া আপুনি আৰু কোনো চিনাক্তকৰণ বা প্ৰমাণপত্ৰৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে। আনহাতে, যদি আধাৰ আপডেট কৰা নহয় তেতিয়া নাগৰিকসকল চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব পাৰে।

আগতে, কেৱল ৫ ৰ পৰা ১০ বছৰ বয়সত আধাৰ কাৰ্ড পোৱা সকলৰহে তেওঁলোকৰ কাৰ্ড আৰু তথ্য আপডেট কৰিব লগা আছিল। এতিয়াৰ পৰা সাধাৰণ ৰাইজকো প্ৰতি ১০বছৰত তেওঁলোকৰ আধাৰ কাৰ্ডৰ তথ্য আপডেট কৰিবলৈ কৈছে কেন্দ্ৰই।

বৰ্তমান, আধাৰ ছেলফ চাৰ্ভিছ আপডেট পৰ্টেললৈ গৈ আধাৰ তথ্য আপডেট কৰিব পাৰি। ইয়াৰ বাবে আপুনি ssup.uidai.gov.in/ssup ৱেবছাইটলৈ যাব লাগিব। পিছত ‘প্ৰচিদ টু আপডেট’ বিকল্পটো বাছনি কৰক। ইয়াত আধাৰ নম্বৰ আৰু কেপচা দি আগবাঢ়ক। পঞ্জীয়ন নম্বৰ দিলে, অ’টিপি আহিব। সেয়া দি লগইন কৰক।

লগতে পঢ়ক: বয়স মাত্ৰ ২৩ বছৰ! আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ইতিহাস গঢ়িলে ভাৰতীয় বংশোদ্ভূত নাবিলাই

ইয়াত ভাষা, লিংগ, ঠিকনা, মেইল, নাম, জন্ম তাৰিখ সকলো আপডেট কৰিব পাৰি। আপুনি যিটো আপডেট কৰিব বিচাৰে তাক বাছনি কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত আপডেট কৰিব লাগিব। আপুনি ইয়াৰ বাবে কিছু সাধাৰণ মাচুল পৰিশোধ কৰিব লাগিব।