কুকুৰৰ বাবে নতুন অধিসূচনা আনিছে কেন্দ্ৰই  : কি কি আছে এই অধিসূচনাত?

এইবাৰ কেন্দ্ৰীয় চৰকাৰে আনিছে কুকুৰৰ বাবে নতুন আঁচনি। ক্ৰমাগতভাবে দেশত বাটৰ কুকুৰৰ জনসংখ্যা আৰু আক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই এক অধিসূচনা জাৰি কৰি কুকুৰৰ বাবে এক পৰিকল্পনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়াকৈ কেন্দ্ৰই পশুপালন মন্ত্ৰালয়ে প্ৰস্তুত কৰা পশু জন্ম নিয়ন্ত্ৰণৰ নতুন নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য, স্থানীয় স্বচৰকাৰ (এল এছ জি) আৰু আৱাসী কল্যাণ সংস্থা (আৰ ডব্লিউ এ)ৰ সৈতে যোগাযোগ কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় চৰকাৰে যোৱা ১০ মাৰ্চত জাৰি কৰা এক অধিসূচনাৰ অনুসৰি এল এছ জি আৰু আৰ ডব্লিউ এৰ ওপৰত পথৰ কুকুৰৰ জনসংখ্যা ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণৰ দায়িত্ব আৰোপ কৰিছে।

ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ সম্পাদক এছ.কে. দত্তই কয় যে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ ৰ আধাৰত ২০০১ চনৰ নিয়মাৱলী সংশোধন কৰি অস্ত্ৰোপচাৰৰ মুকলি পদ্ধতিৰ জৰিয়তে পথৰ অঘৰী জন্তুৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে মানৱীয় পদ্ধতি গ্ৰহণ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায়ৰ ভিত্তিতো এই সিদ্ধান্ত লোৱা হৈছে বুলি ড০ দত্তই কয়।

লগতে তেখেতে কয় যে স্থানীয় সংস্থাসমূহে ২০০১ চনৰ নিয়ম মানি চলা নাছিল। জীৱজন্তুৰ প্ৰতি নিষ্ঠুৰতা আৰু অন্যান্য অসৎ কাৰ্য্যৰ ওপৰত আমি কেইবাটাও অভিযোগ পাইছিলোঁ। এই নিয়মসমূহ পুনৰীক্ষণ কৰাৰ পিছত মন্ত্ৰালয়ে এডব্লিউবিআইৰ সৈতে আলোচনা কৰি এই নিয়মসমূহ সংশোধন কৰি ১০ মাৰ্চত অৱগত কৰে। এই নতুন নিয়মৰ সঠিক ৰূপায়ণ সুনিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে সকলো মুখ্য সচিব আৰু ৰাজ্য চৰকাৰৰ বিভাগক অনুৰোধ জনাইছে।

তেওঁ কয় যে বাটৰ কুকুৰৰ চৰিত্ৰ আমি বুজিব লাগিব। সিহঁতক বন্দী কৰি ৰাখি সমস্যা সমাধানৰ কথা চিন্তা কৰা উচিতি নহয়। আদালতে কেতিয়াও অঘৰী কুকুৰক স্থানান্তৰিত বা বন্দী কৰাৰ নিৰ্দেশ নিদিয়ে। ই প্ৰকৃতি বিৰুদ্ধ আচৰণ হ’ব।

নতুন নিয়ম অনুসৰি বিপথগামী কুকুৰৰ বন্ধ্যাকৰণ আৰু প্ৰতিষেধক প্ৰদানৰ বাবে পশু জন্ম নিয়ন্ত্ৰণ (এবিচি) কাৰ্যসূচী এল এছ জিৰ দ্বাৰা সম্পন্ন কৰিব লাগিব। কেৱল জন্ম নিয়ন্ত্ৰণেই নহয় ইয়াৰ দ্বাৰা কুকুৰৰ ৰক্ষণা বেক্ষণৰো বৱস্থা কৰা হ’ব। ইয়াৰ লগতে বাটৰ অঘৰী কুকুৰ সমূহ যাতে নৃশংসতা আৰু অত্যাচাৰৰ বলি হ’বলগীয়া নহয় তাৰোঁ ব্যৱস্থা কৰা হ’ব। বাটৰ কুকুৰক কোনোবাই অত্যাচাৰ কৰা প্ৰমাণিত হ’লে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।