• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণক ‘সন্ত্রাসবাদী আক্রমণ’ বুলি ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে!

এন ই নাও নিউজ, নতুল দিল্লী by এন ই নাও নিউজ, নতুল দিল্লী
November 13, 2025 8:52 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সন্ধিয়া ৬.৫২ বজাত কঁপি উঠিছিল দেশৰ ৰাজধানী। লালকিল্লাৰ পৰা অলপ দূৰৈত ট্ৰেফিক চিগনেলত হোৱা এক বৃহৎ বিস্ফোৰণত পথত সিঁচৰতি হৈ পৰিছিল মানুহৰ দেহৰ অংগ।

জম্মু-কাশ্মীৰত কেইবাবাৰো উগ্ৰপন্থী আক্ৰমণ আৰু সেনাৰ সৈতে সংঘৰ্ষৰ মাজতো নৰেন্দ্ৰ মোদীৰ শাসনকালত ৰাজধানীৰ বুকুত এইটোৱেই আছিল প্ৰথমটো বিস্ফোৰণ। দুদিনৰ অন্তত অৱশেষত কেন্দ্ৰীয় চৰকাৰে দিল্লী বিস্ফোৰণক ‘সন্ত্রাসবাদী আক্রমণ’ বুলি অভিহিত কৰিলে৷

Apply Now

বুধবাৰে তদন্তকাৰী দলসমূহক এই কাণ্ডটো “অতি জৰুৰী আৰু পেছাদাৰিত্ব”ৰে চাবলৈও নিৰ্দেশ দিয়া হৈছিল। বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিয়ে যে দোষী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলক বিলম্ব নকৰাকৈ ন্যায়ৰ আওতালৈ আনিব লাগে।

বৈঠকৰ অন্তত চৰকাৰে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে, “২০২৫ চনৰ ১০ নৱেম্বৰৰ সন্ধিয়া লালকিল্লাৰ সমীপত হোৱা গাড়ী বিস্ফোৰণৰ জৰিয়তে দেশ বিৰোধী শক্তিয়ে সংঘটিত কৰা এক জঘন্য সন্ত্ৰাসবাদী কাণ্ডৰ সাক্ষী হৈ পৰিছে। এই বিস্ফোৰণৰ ফলত একাধিক লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে।” বিবৃতিটোত ইয়াক ‘কাপুৰুষোচিত কাম’ বুলিও উল্লেখ কৰা হৈছে।

প্ৰসংগক্ৰমে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ভাৰতৰ বিৰুদ্ধে যিকোনো আক্ৰমণক ‘যুদ্ধ’ (‘যুদ্ধৰ কাৰ্য্য’) বুলি গণ্য কৰা হ’ব। কিন্তু দিল্লী কাণ্ডৰ ৪৮ ঘন্টা আৰু ঘটনাত জৈছ সংযোগ পোৱাৰ পাছতো এই আক্ৰমণৰ আঁৰত কোন আছিল সেই বিষয়ে আনুষ্ঠানিকভাৱে কোনো উল্লেখ কৰা হোৱা নাছিল। কেৱল সেয়াই নহয়, চৰকাৰে এই ঘটনাক এতিয়ালৈকে ‘সন্ত্রাসবাদী আক্রমণ’ বুলিও উল্লেখ কৰা নাছিল৷

তদুপৰি, মঙলবাৰে পুৱা ভূটানলৈ ৰাওনা হয় নৰেন্দ্ৰ মোডী। গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাৰ বাবে দায়ীসকলক ‘বিচাৰি উলিওৱাৰ’ৰ নিৰ্দেশ দিছিল। দুদিনীয়া ভূটান ভ্ৰমণৰ অন্তত বুধবাৰে দেশলৈ উভতি আহে প্ৰধানমন্ত্ৰীগৰাকী। তেওঁ আহতসকলক সাক্ষাৎ কৰে। তাৰ পিছত তেওঁ সন্ধিয়া কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অধ্যক্ষতাও কৰে।

অৱশেষত দিল্লী বিস্ফোৰণক ‘সন্ত্রাসবাদী আক্রমণ’ বুলি অভিহিত কৰিলে নতুন দিল্লীয়ে৷ তাৎপৰ্যপূৰ্ণ যে যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিজেপি বা নতুন দিল্লীয়ে পাকিস্তানৰ প্ৰতি আঙুলি টোৱাই আহিছে। অৱশ্যে ইউএপিএ অৰ্থাৎ সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এফআইআৰ দাখিল কৰা হৈছে। নতুন দিল্লীয়ে এতিয়া পাকিস্তানৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বলৈ ওলাইছে নেকি? গোটেই দেশখনে তালৈকে চাই আছে।

এন ই নাও নিউজ, নতুল দিল্লী

এন ই নাও নিউজ, নতুল দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd