টে’ট উত্তীৰ্ণ হৈ চাকৰিৰ অপেক্ষাত থকাসকলৰ বাবে আহিছে এক সুখবৰ।
এতিয়াৰে পৰা ৭ বছৰৰ পিছত উকলি নাযায় টে’টৰ বৈধতা। অৰ্থাৎ ৭ বছৰ উকলি যোৱাৰ পিছতো কোনো টে’ট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি নাপালে তেওঁ পুনৰ টে’ট দিবলগীয়া নহ’ব।
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ টে’টৰ ম্যাদ ৭ বছৰৰ সলনি আজীৱন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।সেইমৰ্মে যাৱতীয় নিৰ্দেশনা ইতিমধ্যে ৰাজ্য চৰকাৰ সমূহলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ প্খ্ৰিয়াল নিশাংকে প্ৰকাশ কৰা মতে ২০১১ চনৰ পৰাই এই ব্যৱ্থা কাৰ্যকৰী কৰাৰ ব্যৱস্থা হাতত লোৱা হ’ব।
অৰ্থাৎ ২০১১ চনত যিসকলে টে’ট উত্তীৰ্ণ হৈ চাকৰিৰ অপেক্ষাত আছে তেওঁলোকৰ টে’টৰ ম্যাদ আৰু ৭ বছৰৰ পিছত উকলি নাযাব।কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তই নিঃসন্দেহে টে’ট উত্তীৰ্ণ হৈ চাকৰি নোপোৱাকৈ থকা সকলক সকাহ দিবলৈ সক্ষম হ’ব।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এনে পদক্ষেপে শিক্ষা খণ্ডত সংস্থাপিত হ’ব বিচৰাসকলৰ মনৰ আশা পূৰম কৰাত সহায় কৰিব।
উল্লেখ্য ইয়াৰ পূৰ্বে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত নেচনেল কাউন্সিল ফৰ টিছাৰ্ছ এডুকেছনে প্ৰকাশ কৰা জাননীত কোৱা হৈছিল যে টে’ট ৰাজ্য চৰকাৰসমূহে অনুষ্ঠিত কৰিব আৰু টে’টৰ ম্যাদ ৭ বছৰীয়া হ’ব।