‘কাৰ অধীনত পশ্চিম বংগত নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

বুধবাৰে কেন্দ্ৰই পশ্চিম বংগত নাগৰিকত্ব (সংশোধনী) নিয়ম, ২০২৪ৰ অধীনত নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ৰাজ্যৰ পৰা অহা প্রথম গোটৰ আৱেদনকাৰীক আজি এমপাৱাৰ্‌ড কমিটিয়ে নাগৰিকত্ব প্রদান কৰে৷

হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ এমপাৱাৰ্‌ড সমিতিয়েও আজি CAAৰ অধীনত প্ৰথম গোটৰ আৱেদনকাৰীক নাগৰিকত্ব প্ৰদান কৰে।

২০২৪ চনৰ ১১ মাৰ্চত চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধি অধিসূচনা জাৰি কৰিছিল।২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত হোৱাৰ চাৰি বছৰৰ পাছত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিয়মৰ অধিসূচনা প্ৰদান কৰিছিল।

নিয়মাৱলী অধিসূচনা কৰাৰ দুমাহৰ পাছত ১৫ মে’ত ১৪জন লোকক CAAৰ অধীনত প্ৰথম গোটক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

CAA-এ ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলৰ বাবে ভাৰতীয় নাগৰিকত্বৰ দ্ৰুত পথ প্ৰদান কৰে যিসকল হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ, আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ অন্তৰ্গত আৰু যিসকলে ভাৰতত ২০১৪ চনৰ ৩১ ডিচেম্বৰত প্ৰৱেশ কৰিছিল আৰু নিজৰ দেশত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হৈছিল।

এই আইনখনক লৈ সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ বিতৰ্ক আৰু ব্যাপক প্ৰতিবাদৰ বিষয় হৈ পৰিছে।বংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে বাৰে বাৰে CAA ৰূপায়ণৰ বিৰোধিতা প্ৰকাশ কৰিছে।বেনাৰ্জীয়ে CAAক “মানৱতাৰ অপমান” আৰু ৰাষ্ট্ৰৰ মৌলিক অধিকাৰসমূহৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে।