ডায়েবেটিছ,উচ্চ ৰক্তচাপ,হৃদৰোগকে ধৰি কিছু ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰীয় চৰকাৰৰ

ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, বেক্টেৰিয়াৰ সংক্ৰমণ আৰু এলাৰ্জীকে ধৰি কিছুমান মাল্টি ভিটামিনৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। এই অধিসূচনা ঔষধ বিভাগ আৰু ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই চৰকাৰী অধিসূচনাযোগে জাৰি কৰিছে। চৰকাৰে ৫৪টা ঔষধ আৰু ৮টা বিশেষ প্ৰকাৰৰ সামগ্ৰীৰ সৰ্বোচ্চ খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে।

ডায়েবেটিছ ৰোগীৰ বাবে বহুত ভাল খবৰ। কেন্দ্ৰটই সাধাৰণতে প্ৰেছক্ৰিপট কৰা মেটফৰ্মিন, লিনাগ্লিপ্টিন আৰু চিটাগ্লিপ্টিন আদি ঔষধৰ মূল্য প্ৰতি টেবলেটত ১৫ টকাৰ পৰা ২০ টকালৈকে সীমা নিৰ্ধাৰণ কৰিছে। কেলচিয়াম, ভিটামিন আৰু সংক্ৰমণ প্ৰতিৰোধী ঔষধৰ দামো হ্ৰাস কৰা হৈছে।

চিপ্ৰ’ফ্ল’ক্সাচিনৰ দৰে এন্টিবেক্টেৰিয়েল বেজীৰ খুচুৰা মূল্য প্ৰতি মিলিলিটাৰত ০.২৩ টকালৈ হ্ৰাস কৰা হৈছে। আনহাতে টেলমিছাৰটান, ক্ল’ৰথালিডন আৰু চিনিডিপিনৰ দৰে জেনেৰিক বি পি ঔষধৰ দাম প্ৰতিটো টেবলেটত ৭.১৪ টকাকৈ ৰখা হৈছে।

উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা এছপিৰিন আৰু এট’ৰভাষ্টেটিন কম্বিনেচন কেপচুলৰ মূল্য সৰ্বোচ্চ মূল্য হিচাপে ২.৬৮ টকা ধাৰ্য কৰা হৈছে

৫০০ মিলিলিটাৰ গ্লুক’জৰ মূল্য প্ৰতি মিলিলিটাৰত ০.২৪ টকালৈ বৃদ্ধি কৰা হৈছে। কেলচিয়াম আৰু ভিটামিন ডি তিনিটা টেবলেট সৰ্বাধিক ৭.৮২ টকাত বিক্ৰী কৰিব পাৰি। এই নিৰ্দেশনাত এন পি পি এয়ে কয় যে প্ৰতিজন খুচুৰা বিক্ৰেতা আৰু ডিলাৰে মূল্য তালিকাখন দৃশ্যমান হোৱা ঠাইত ওলোমাই থ’ব লাগে। যদি কোনোবাই ইয়াৰ বাহিৰে অন্য মূল্যত ঔষধ বিক্ৰী কৰে তেন্তে ইয়াৰ বাবে নিৰ্মাতা আৰু বিপণন কোম্পানীটো দায়ী হ’ব।