চৰ্চাৰ শীৰ্ষত থকা আদানী বিতৰ্ক সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে আক্ৰমণাত্মক হৈ উঠে ৰাহুল গান্ধী। জালিয়াতি আৰু ষ্টক মেনিপুলেচনৰ অভিযোগ উত্থাপন হোৱা আদানী গ্ৰুপ সন্দৰ্ভত আলোচনা হ’ব লাগে বুলি মন্তব্য কৰি গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত আলোচনাৰ বাবে ভয় কৰে বুলি অভিযোগ কৰে।
গান্ধীয়ে কয়, “মই দুবছৰ ধৰি এই বিষয়টো উত্থাপন কৰি আহিছো, যাতে মানুহে সত্য জানিব পাৰে। লক্ষ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে আৰু দেশৰ আন্তঃগাঁথনি এগৰাকী লোকে বাজেয়াপ্ত কৰিছে।”
“আদানি গ্ৰুপৰ আঁৰত কোন শক্তি আছে সেয়া আমি জানিব লাগিব। কেন্দ্ৰই ভয় খাইছে আৰু এই বিষয়ে আলোচনা হোৱাটো নিবিচাৰে। আদানীক কেন্দ্ৰ কৰি কোনো ধৰণৰ আলোচনা যাতে নহয়, তাৰ বাবে মোদীয়ে সকলো প্ৰচেষ্টা চলাব।”- ৰাহুল গান্ধীয়ে লগতে কয়।
উল্লেখ্য যে, আদানী গোটৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত যৌথ সংসদীয় সমিতিৰ তদন্তৰ দাবীত বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আজি এই দাবীৰে পুনৰ বিৰোধীৰ প্ৰতিবাদৰ পিছতে সংসদৰ নিম্ন সদন স্থগিত ৰখা হয়।
আমেৰিকাৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে এক প্ৰতিবেদনত আদানী গ্ৰুপৰ বিৰুদ্ধে জালিয়াতি আৰু ষ্টক মেনিপুলেচনকে ধৰি কেইবাটাও অভিযোগ উত্থাপন কৰাৰ পিছতে তাচ-পাতৰ দৰে খহি পৰিছে আদানীৰ শ্বেয়াৰ।
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতে বিশ্বৰ ভিতৰতে এসময়ত দ্বিতীয় ধনৱন্ত ব্যক্তি হিচাপে উত্থান হোৱা আদানী এতিয়া শীৰ্ষ ২০ ৰ পৰাও বাহিৰ হৈছে। আদানীৰ এই দ্ৰুত উত্থান আৰু শেহতীয়া দ্ৰুত পতনে দেশৰ অৰ্থনীতিত ভয়ংকৰ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।