ক’ৰ’নাৰ দৰৱ আৱিষ্কাৰ কৰা বুলি তাল আফাল লগোৱা যোগগুৰু বাবা ৰামদেৱে এইবাৰ এল’পেথি দৰৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিল। এই কথাতে ক্ষুদ্ধ হৈ পৰিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচন।
আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কেতবোৰ ভুল তথ্য দি মানুহক বিভ্ৰান্ত কৰাৰ অপৰাধতে সেয়ে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।
আজি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰক এই দাবী জনাই সংস্থাটোৱে কয় যে বাবা ৰামদেৱে আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কৰা মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।ভিডিঅ’টোত ৰামদেৱে কৈছে যে এল’পেথি দৰৱৰ কোনো কাম নাই।
এই দৰৱ খাই লাখ লাখ লোকৰ মৃত্যুহে হৈছে।ফেভিফ্লু, ৰেমডিচিভিৰ আদিৰ দৰে দৰৱে কোভিড ভাল কৰিব নোৱাৰে। ৰামদেৱে কৰা এনেবোৰ মন্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে মহামাৰী প্ৰতিৰোধ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনালে সংস্থাটোৱো।
উল্লেখ্য ৰামদেৱে ক’ৰ’নাৰ দৰৱ আৱিষ্কাৰ কৰা বুলিও দাবী কৰিছিল। উল্লেখ্য কিছুদিন পূৰ্বে যোগগুৰু ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা মহৌষধ কৰনিল আৱিষ্কাৰ কৰা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল।
পতঞ্জলিয়ে আনকি ক’ৰনিল দৰৱ বিধৰ বিপণনৰ বাবেও প্ৰস্তুত হৈছিল।
কিন্তু আয়ুষ বিভাগৰ হস্তক্ষেপত প্ৰথম পদক্ষেপতে থমকি ৰ’ৱলগীয়া হৈছিল পতঞ্জলি।
দৰৱ বিহীন ৰোগ কোভিডৰ দৰৱ আবিষ্কাৰ কৰা বুলি প্ৰচাৰ চলাই সৌসিদিনা দেশৰ আয়ুষ দপ্তৰৰ লগতে ৰাজস্থান চৰকাৰৰো ৰোষত পৰিবলগীয়া হৈছিল বাবা ৰামদেৱ।
ৰামদেৱৰ পতঞ্জলিয়ে আৱিষ্কাৰ কৰা বুলি দাবী কৰা ক’ৰনিল দৰৱে সাত দিনৰ ভিতৰতে ক’ৰ’ণা ৰোগীক ৰোগ মুক্ত কৰিব পাৰে বুলি ৰামদেৱে দাবী কৰিছিল।
কিন্তু সেই সময়ত আয়ুষ দপ্তৰে ক’ৰনিলক কোভিডৰ দৰৱ হিচাবে প্ৰচাৰ নচলাবলৈ ৰামদেৱক সকিয়াই দিছিল।
লক্ষ্যণীয় ভাবে এই নতুন দৰৱ বিধৰ নামো ৰখা হৈছে ক’ৰনিল।ৰামদেৱে কৈ আহিছে যে বিদেশত গৱেষণা ন’হল বুলিয়েই ভাৰতীয় আয়ুৰ্বেদিকক অস্বীকাৰ কৰাটো উচিৎ নহয়।
আয়ুৰ্বেদ আৰু ৰামদেৱৰ ওপৰত আস্থা ৰাখিবলৈ ৰামদেৱে দেশবাসীক আহ্বান জনায়।