NORTHEAST NOW (Assamese)

পুৰুষতান্ত্ৰিকতা! ন্যায়ালয়ত সমকামী বিবাহৰ ক্ষেত্ৰত আপত্তি কেন্দ্ৰ চৰকাৰৰ

March 12, 2023 7:34 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: March 12, 2023 7:35 pm

কেন্দ্ৰীয় চৰকাৰে সমকামী বিবাহত আইনী বৈধতা প্ৰদান কৰাৰ বিৰোধিতা কৰিছে উচ্চতম ন্যায়ালয়ত। সমকামী বিবাহক বৈধ্যতা প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ত চলি থকা কেইবাটাও আবেদনমূলক গোচৰৰ বাবে শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ পূৰ্বে সমকামী বিবাহৰ বৈধতাৰ ওপৰত কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছিল ন্যায়ালয়ে। ১২ মাৰ্চ তাৰিখে এই আবেদনৰ বাবে কেন্দ্ৰই উত্তৰ দিয়াৰ লগতে কেন্দ্ৰই ১৫ খন আবেদনৰ বিৰোধিতা কৰিছে।

কেন্দ্ৰই কয় যে, সমকামী বিবাহক স্বীকৃতি দিব নোৱাৰি। এয়া ভাৰতীয় পৰিয়ালৰ ধাৰণাৰ বিৰোধী। এটা পৰিয়াল পতি, পত্নী আৰু তেওঁলোকৰ সন্তানৰ দ্বাৰা হয়। সমকামী যৌন সম্ভোগ কৰাটো স্বামী, পত্নী আৰু সন্তানৰ ভাৰতীয় পাৰিবাৰিক ধাৰণাৰ লগত নিমিলে

৫৬ পৃষ্ঠাৰ শপতনামাত কেন্দ্ৰই কয় যে, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে বহুকেইটা ৰায়দান ব্যক্তিগত স্বাধীনতাৰ কথা উল্লেখ কৰিছেকিন্তু ন্যায়ালয়ে সমকামী বিবাহক বৈধ্যতা প্ৰদানৰ বাবে দাখিল কৰা এই বেদবোৰ খাৰিজ কৰিব লাগে।

শপতনামাত কেন্দ্ৰই কয় যে আইন অনুসৰি সমকামী বিবাহক বৈধ বুলি কব নোৱাৰি। কাৰণ আইনত পতি,পত্নীৰ সংজ্ঞা জৈৱিক ভিত্তিত দিয়া হৈছে। সেই হিচাপে তেওঁলোকৰ অধিকাৰ আছে। যদি সমকামী বিবাহ এখনত বিচ্ছেদ হয় তেন্তে তেওঁলোকক পতিপত্নী হিচাপে কিদৰে বিবেচনা কৰিব!

উল্লেখ্য যে, এই সন্দৰ্ভত সোমবাৰে(১৩ মাৰ্চ)ত উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হব।

Related News