যান-বাহনৰ অসুবিধাহীন গতিৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সকলো স্পীড ব্ৰে’কাৰ আঁতৰ কৰিবলৈ এটা পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে।
পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথবোৰ কোনো বাধা নোপোৱাকৈ উচ্চ গতিবেগত যান-বাহন চলাৰ বাবে নিৰ্মাণ কৰা হৈছে।
“ট’ল প্লাজাবোৰত ফাষ্টেগ (FASTag)ৰ কাৰ্য্যকৰীকৰণ আৰু নগদ ধনৰ ট’ল লেনবোৰক ফাষ্টেগ লেনলৈ সলনি কৰাৰ লগে লগে স্পীড ব্ৰে’কাৰবোৰ/ট’ল প্লাজাত থকা ৰাম্বল ষ্ট্ৰীপবোৰ তৎকালে কাৰ্য্যকৰী হোৱাকৈ আঁতৰাই দিয়া হৈছে, যাতে যান-বাহনবোৰৰ মসৃণ গতি সম্ভৱ হয়”, মন্ত্ৰ্যালয়টোৱে কয়।
লগতে কোৱা হয়, স্পীড ব্ৰে’কাৰবোৰে বিলম্বৰ সৃষ্টি কৰে আৰু গাড়ীৰ ভিতৰত থকাসকলৰ বাবে প্ৰচুৰ অস্বস্তিৰ সৃষ্টি কৰে, গাড়ীৰ ক্ষতি কৰে আৰু অধিক ইন্ধনৰ খৰচ কৰে।
“এই পদক্ষেপে সময়, অৰ্থ বচাব আৰু লগতে গাড়ীবোৰক মসৃণ গতি দিব, বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা এম্বুলেন্স, বয়সীয়া আৰু অসুস্থ লোকসকলক”, মন্ত্ৰ্যালয়টোৰ ভাষ্য।
কেন্দ্ৰই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ট’ল প্লাজাবোৰৰ সকলো লেন ডিচেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত “ফাষ্টেগ লেন” হিচাপে ঘোষণা কৰাটো বাধ্যতামূলক কৰিছিল, যিটো সময়সীমা পিছত আৰু ১৫ দিন বৃদ্ধি কৰিছিল।
“ইলেকট্ৰনিক ট’ল সংগ্ৰহৰ ইতিবাচক ফলবোৰ ট’ল প্লাজাৰে অহা-যোৱা কৰা নিত্যযাত্ৰীসকলে উপলব্ধি কৰিব পাৰিছে। স্পীড ব্ৰে’কাৰ নথকা ৰাষ্ট্ৰীয় ঘাইপথ হ’ল নিৰাপদ, মসৃণ আৰু বাধাহীন যাত্ৰাৰ বাবে আন এটা সংকল্প”, মন্ত্ৰ্যালয়টোৱে কয়।
ফাষ্টেগ কাৰ্য্যকৰী কৰা তাৰিখৰ পৰা ট’ল প্লাজাত গাড়ীৰ অপেক্ষা কাল প্ৰায় ২ মিনিট হ্ৰাস পায় বুলি জানিব পৰা গৈছে।
চেণ্ট্ৰেল ট’ল প্লাজা যান-বাহন নিৰীক্ষণ প্ৰণালী (ট্ৰেফিক মনিটৰিং ছিষ্টেম)ৰ তথ্য অনুসৰি, দৈনিক গড় হিচাপত প্ৰায় ৬ নিযুত যান-বাহনে ট’ল বুথবোৰ অতিক্ৰম কৰে। প্ৰণালীটোৱে দেখুওৱা তথ্য মতে, ট’ল প্লাজাবোৰত হোৱা ইন্ধনৰ অপচয়ৰ বাবে বছৰি ১২,০০০ কোটি টকাতকৈ অধিক লোকচান হয়।