• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইণ্ডিগ’ৰ অচলাৱস্থাঃ নিলম্বিত হ’ব পাৰে সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 5:26 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় পাঁচ দিন ধৰি ইণ্ডিগ’ৰ বিমান সেৱাত দেখা দিয়া চৰম অযোগ্যতা আৰু বিশৃংখলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিমান সংস্থাটোক কঠোৰ শাস্তি দিয়াৰ পৰিকল্পনা কৰিছে। হাজাৰ হাজাৰ যাত্ৰীয়ে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু কেন্দ্ৰৰ মতে এই পৰিস্থিতি ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই সৃষ্টি হৈছিল।

সূত্ৰ অনুসৰি, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগোক একাধিক স্তৰত শাস্তি দিয়াৰ বাবে সাজু হৈছে। এই শাস্তিৰ ভিতৰত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) পিটাৰ এলবাৰ্ছক অপসাৰণৰ দাবীও উত্থাপন কৰাৰ সম্ভাৱনা আছে।

Apply Now

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইতিমধ্যে ইণ্ডিগ’ৰ শীৰ্ষ পৰিচালনাৰ সৈতে বৈঠকত মিলিত হৈছে। সেই বৈঠকৰ অন্তত মন্ত্ৰালয়ে বিমান সংস্থাটোৰ শীৰ্ষ পৰ্যায়ত গাফিলতি হোৱাৰ সম্ভাৱনা দেখিছে। সেইবাবেই কেন্দ্ৰই প্ৰথমে এলবাৰ্ছক তেওঁৰ পদৰ পৰা আঁতৰাব বিচাৰিছে বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে এলবাৰ্ছে মুকলিকৈ ইণ্ডিগ’ত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছিল যে কোম্পানীটোৱে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। তেওঁ আশা প্ৰকাশ কৰিছিল যে কামৰ পৰিসৰ আৰু জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ স্বাভাৱিক সেৱা আগবঢ়াব পাৰিব। কিন্তু এতিয়া কেন্দ্ৰই পোনপটীয়াকৈ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াক অপসাৰণৰ বাবে দাবী জনোৱাৰ চিন্তা কৰিছে।

পিটাৰ এলবাৰ্ছক অপসাৰণৰ দাবীৰ উপৰিও, ইণ্ডিগ’ৰ ওপৰত একাধিক জৰিমনা বিহাৰ পৰিকল্পনা কৰা হৈছে। কোম্পানীটোৰ ওপৰত যথেষ্ট পৰিমাণৰ জৰিমনা বিহাৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, কেন্দ্ৰই তেওঁলোকক উৰণৰ বাবে দিয়া বিমানৰ সংখ্যাও আৰু অধিক হ্ৰাস কৰাৰ চিন্তা কৰিছে। এই সকলোবোৰ ঘোষণা অতি সোনকালেই কৰা হ’ব বুলি সূত্ৰত প্ৰকাশ।

ইফালে, শনিবাৰেও ইণ্ডিগ’ৰ বিমান সেৱা ব্যাহত হৈ থকাত যাত্ৰীসকলৰ দুৰ্দশা অব্যাহত আছে। একেৰাহে তিনিদিন ধৰি সেৱা ব্যাহত হৈ থকাৰ ফলত বিমানবন্দৰত যাত্ৰীসকলে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰা হৈছে বুলিও জানিব পৰা গৈছে। এই পৰিস্থিতিত মোডী চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd