উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাৰ বাবে সাজু কেন্দ্ৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

Rajnath Singh

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ হিংসা স্থায়ীভাৱে সমাপ্ত কৰিব বিচাৰে। সেয়ে উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ সৈতে সমস্যা সমাধানৰ বাবে আলোচনা কৰিবলৈ সাজু কেন্দ্ৰ। এই কথা সদৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ লাংথাবাল মণ্ডলত এখন নিৰ্বাচনী সভা সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীজনে।

তেওঁ কয় যে বিদ্ৰোহী সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে আৰু মণিপুৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত স্থায়ীভাৱে হিংসা বন্ধ কৰাৰ বাবে চৰকাৰে সদায় বিদ্ৰোহী সংগঠনসমূহৰ সৈতে কথা পাতিবলৈ প্ৰস্তুত।

“বিদ্ৰোহী সংগঠনবোৰে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ সৈতে কথা পাতিবলৈ আগবাঢ়ি আহিব লাগিব। জনসাধাৰণৰ হিতৰ বাবে উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণমূলক আঁচনি হাতত ল’বলৈ হিংসা স্থায়ীভাৱে বন্ধ কৰিব লাগিব। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ গতিশীল নেতৃত্বত মণিপুৰত সন্ত্ৰাসবাদী হিংসা মুখ্যতঃ নিয়ন্ত্ৰণ কৰা হৈছে।” সিঙে কয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ কংগ্ৰেছ শাসনকালত অৱৰোধ আৰু হিংসা নিয়মীয়া পৰিঘটনা আছিল। কংগ্ৰেছ শাসনৰ এই ধাৰা ভংগ কৰা হৈছে।

“বিজেপিয়ে ১৫ বছৰৰ ভিতৰত মণিপুৰৰ উন্নয়নৰ মৰ্যাদাক এক নতুন উচ্চতালৈ লৈ যাব বিচাৰে। নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মণিপুৰৰ চেহেৰা সলনি কৰা হৈছে আৰু ৰাজ্যখনে এক নতুন ভৱিষ্যত অৰ্জন কৰিবলৈ আগবাঢ়িছে।” সিঙে কয়।

তেওঁ লগতে কয়, “উত্তৰ-পূব অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে মোডীৰ এক নতুন দৃষ্টিভংগী আছে। ৰে’ল, পথ আৰু বিমান সংযোগ সম্পৰ্কীয় প্ৰকল্পসমূহ মিছন মোডৰ সৈতে ৰূপায়ণ কৰা হৈছে।”

উল্লেখ্য যে ৬০ খন আসনৰ মণিপুৰ বিধানসভাৰ নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব।