NORTHEAST NOW (Assamese)

১৪ খন ৰাজ্যলৈ ৬,১৯৫.০৮ কোটি টকা মুকলি কেন্দ্ৰৰ; অসমে লাভ কৰিব ৬৩১ কোটি

August 12, 2020 9:59 am · এন ই নাও নিউজ
নিৰ্মলা সীতাৰমন। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

ঘাটি ৰাজহৰ অনুদানৰ অংশস্বৰূপে কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে মঙলবাৰে পঞ্চমটো মাহিলী কিষ্টি অসমকে ধৰি ১৪ খন ৰাজ্যৰ বাবে মুকলি কৰি দিয়ে।

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰ্যালয়ে ১৪ খন ৰাজ্যৰ বাবে মুঠ ৬,১৯৫.০৮ কোটি টকা মুকলি কৰি দিয়ে।

কেন্দ্ৰ চৰকাৰে ৬৩১ কোটি টকা অসম, ১২৭৬ কোটি টকা কেৰালা, ৯৫২ কোটি টকা হিমাচলপ্ৰদেশ, ৬৩৮ কোটি টকা পঞ্জাৱ, ৪৯১ কোটি টকা অন্ধ্ৰপ্ৰদেশ, ৪২৩ কোটি টকা উত্তৰাখণ্ড আৰু ৪১৭ কোটি টকা পশ্চিমবংগৰ বাবে মুকলি কৰি দিয়ে।

”ক’ৰ’নাৰ সংকটৰ সময়ত এই অনুদানে ৰাজ্যসমূহক অতিৰিক্ত সকাহ দিব,” বিত্ত মন্ত্ৰ্যালয়ে এটা বিবৃতিত উল্লেখ কৰে।

পঞ্চম বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কেন্দ্ৰ চৰকাৰে এই বিত্তীয় সাহায্য ৰাজ্যসমূহলৈ আগবঢ়াই আহিছে।

কেন্দ্ৰ চৰকাৰৰ এই অনুদানে ৰাজ্যসমূহক কোভিডৰ বিৰুদ্ধে যুঁজাৰ বিভিন্ন ক্ষেত্ৰত যেনে কোৱাৰেণ্টাইনৰ সুবিধা, নমুনা সংগ্ৰহ আদি ক্ষেত্ৰত সহায় কৰিব।

বিত্ত বিভাগে ৰাজ্যসমূহে এই অনুদানৰ ধন প্ৰশাসন, আৰক্ষী, চিকিৎসাকৰ্মী আদিসকলৰ পি পি ই কিট ক্ৰয় কৰাৰ লগতে থাৰ্মেল স্কেনাৰ, ভেণ্টিলেটৰ আদি ক্ৰয় কৰাৰ ক্ষেত্ৰতো ব্যয় কৰিব পাৰিব বুলি উল্লেখ কৰে।

Related News