গা ল’ৰিল মোদী চৰকাৰৰ! পতঞ্জলি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক উত্তৰ দিলে কেন্দ্ৰই

Patanjali

উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ পাছত অৱশেষত গা ল’ৰিল মোদী চৰকাৰৰ৷ পতঞ্জলিৰ ভুৱা বিজ্ঞাপনৰ গোচৰত কেন্দ্ৰই সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰে৷ চৰকাৰৰ মন্তব্য, এজন ব্যক্তিয়ে কোনটো চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব সেয়া ব্যক্তিজনৰ নিজৰ পছন্দ।

আয়ুৰ্বেদিক বা এলোপেথী – চিকিৎসা পদ্ধতিৰ ওপৰত মানুহৰ পছন্দই শেষ শব্দ হ’ব লাগে। যিকোনো চিকিৎসা ব্যৱস্থাৰ অৱজ্ঞাক নিৰুৎসাহিত কৰা উচিত। যোগগুৰু ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপনৰ গোচৰত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এই স্পষ্টীকৰণ প্ৰদান কৰিছে।

উল্লেখ্য যে, পতঞ্জলিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে হেঁচাত পৰিছিল ৰামদেৱ। আনকি ৰামদেৱ উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল। আনকি উচ্চতম ন্যায়ালয়ত শপতনামাত বিনাচৰ্তে ক্ষমা খুজিবলগীয়া হৈছিল যোগগুৰুৱে।

কেৱল তেৱেঁই নহয়, পতঞ্জলিৰ পৰিচালন সঞ্চালক (এম ডি) আৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণয়ো ক্ষমা বিচাৰিছে। একে সময়তে ৰামদেৱে কয় যে তেওঁলোকে আদালতক আশ্বাস দিব বিচাৰে যে তেওঁলোকে একেটা ভুলৰ পুনৰাবৃত্তি নকৰে।

‘মিছা বিজ্ঞাপন’ গোচৰত ৰামদেৱ আৰু তেওঁৰ কোম্পানী পতঞ্জলিয়ে উচ্চতম ন্যায়ালয়ৰ বাৰে বাৰে ধমকিৰ সন্মুখীন হ’বলগীয়া হৈছিল। আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগো ৰামদেৱৰ বিৰুদ্ধে উত্থাপন হৈছিল। যোৱা সপ্তাহত এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত উপস্থিত আছিল যোগগুৰু ৰামদেৱ৷

এই গোচৰত কেন্দ্ৰীয় চৰকাৰো প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানিৰ সময়ত লক্ষ্য কৰিছিল, যে সমগ্ৰ দেশকে এনে বিজ্ঞাপনৰ দ্বাৰা বিপথে পৰিচালিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “চৰকাৰে চকু মুদি বহি আছে।এয়া দুৰ্ভাগ্যজনক। চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে কয় যে যিকোনো ‘বিভ্ৰান্তিকৰ বিজ্ঞাপন’ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো ৰাজ্যৰ দায়িত্ব। অৱশ্যে কেন্দ্রীয় চৰকাৰে আইন অনুসৰি সময়মতে ব্যৱস্থা গ্রহণ কৰিছে৷ সংশ্লিষ্ট সংস্থাটোক আয়ুষ মন্ত্ৰালয়ে পৰীক্ষা পৰ্যন্ত এনে বিজ্ঞাপন প্ৰকাশ নকৰিবলৈ কয়।