DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

গৃহ মন্ত্ৰালয়ৰ সাৰশূন্য প্ৰতিবেদন! সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 8:07 pm
Jammu-Kashmir
90
VIEWS
Share on FacebookShare on Twitter

নৱবৰ্ষৰ প্ৰথম আৰু দ্বিতীয় দিন দুটাত সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি পিছতে জম্মু-কাশ্মীৰৰ দুই সীমান্ত জিলা ৰাজৌৰী আৰু পুঞ্চত নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ বাবে আজি বৃহৎ সংখ্যক চি আৰ পি এফ কোম্পানী নিয়োগ কৰিছে গৃহ বিভাগে।

প্ৰকাশিত খবৰ অনুসৰি ১৮ টা চিআৰপিএফ কোম্পানীৰ প্ৰায় ১,৮০০ গৰাকী জোৱানক মুখ্যতঃ পুঞ্চ আৰু ৰাজৌৰী জিলাত নিয়োগ কৰাৰ বাবে জম্মু অঞ্চললৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হ’ব।

তথ্য অনুসৰি, জম্মু-কাশ্মীৰত অন্যান্য স্থানসমূহত নিয়োজিত আঠটা চিআৰপিএফ কোম্পানী অতি সোনকালে সেই স্থানসমূহৰ পৰা আঁতৰাই পুঞ্চ আৰু ৰাজৌৰীত মোতায়েন কৰা হ’ব। আনহাতে দিল্লীৰ পৰা ১০ টা চিআৰপিএফ কোম্পানী জিলা দুখনত নিয়োজিত কৰা হ’ব।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ ডাংৰি গাঁৱত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল। হঠাৎ ২ বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল গাঁওখনত। গাঁৱৰ তিনিটা ঘৰত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰিছিল দুই বন্দুকধাৰীয়ে। প্ৰথম অৱস্থাত এই আক্ৰমণত ২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।

পিছত ৰাজৌৰী চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী স্থানীয় গাঁওবাসীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে সংকটজনক অৱস্থাত থকা আন দুগৰাকী ব্যক্তিক উন্নত চিকিৎসাৰ বাবে জম্মুলৈ লৈ যোৱা হৈছিল।

এই ঘটনাৰ পিছদিনাই ঘটনাত নিহত হোৱা এগৰাকী ব্যক্তিৰ ঘৰৰ সমীপত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ লগতে ছয়জন লোক আহত হয়।

লক্ষণীয়ভাৱে, নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাৰ ফলত যোৱা কেইবছৰমানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাণ্ড হ্ৰাস পাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদৰ ওপৰত নিৰাপত্তা বাহিনীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে বুলি বছৰৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক প্ৰতিবেদনত উল্লেখ কৰিছিল।

কিন্তু ধাৰাবাহিকভাৱে দুটা দিনত সন্ত্ৰাসবাদীৰ কূটাঘাতে সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়া তথা পুনৰ অধিকসংখ্যক সেনা নিয়োগ কৰিবলগীয়া পৰিস্থিতিয়ে গৃহ মন্ত্ৰালয়ৰ এই প্ৰতিবেদনক একপ্ৰকাৰে নাকচ কৰি পেলাইছে বুলি অভিযোগ উঠিছে।

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd