ৰাজ্যসমূহৰ আৰ্থিক সংকট অতিশয় বৃদ্ধি পাবলৈ গৈ আছে। ষষ্ঠদশ বিত্ত আয়োগৰ প্ৰতিবেদনত পৰামৰ্শৰ জৰিয়তে ৰাজ্যসমূহৰ বাবে এটাৰ পিছত এটাকৈ বেয়া খবৰ দিয়া হৈছে। যদি কেন্দ্ৰই প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিব বিচাৰে আৰু লগতে ৰাজ্যসমূহৰ ওপৰতো হেঁচা প্ৰয়োগ কৰে, তেন্তে ৰাজ্যৰ তহবিলত বৃহৎ চাপ পৰিব। ইয়াৰ ফলত ৰাজ্যসমূহে আৰু অধিক কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
দৰাচলতে কেন্দ্ৰীয় চৰকাৰে ইমান দিনে গুৰুত্ব আৰোপ কৰি অহা বিষয়সমূহৰ ওপৰত বিত্ত আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰে মানি লৈছে। দেওবাৰে বাজেট দাখিলৰ আৰম্ভণিতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে কেন্দ্ৰই বিত্ত আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰিছে। অৰ্থাৎ সেই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাত কেন্দ্ৰীয় চৰকাৰৰ কোনো আপত্তি নাই।
ৰাজ্যসমূহৰ বাবে আটাইতকৈ ডাঙৰ বিপৰ্যয় হ’ল সমগ্ৰ দেশতে সংগ্ৰহ কৰা মুঠ কৰ যি অংশ ৰাজ্যসমূহক দিয়া হয়, সেই অনুপাত অপৰিৱৰ্তিত ৰখা হৈছে। যিটো ৪১ শতাংশ। অৰ্থাৎ দেশৰ পৰা সংগ্ৰহ কৰা মুঠ কেন্দ্ৰীয়-ৰাজ্যৰ বিভাজ্য কৰৰ ৪১ শতাংশ কেন্দ্ৰৰ পৰা ৰাজ্যসমূহে পায়। এই একে হাৰ আগন্তুক ৫ বছৰলৈ চলি থাকিব। অৰ্থাৎ ইমান দিনে যি অনুপাত আছে সেয়া আৰু ৫ বছৰো একেই থাকিব।
অৱশ্যে ইমানদিনে ৰাজ্যসমূহে বাৰে বাৰে ৰাজ্যৰ বাবদ প্ৰাপ্য ধন বৃদ্ধিৰ বাবে অনুৰোধ জনাই আহিছে। ৰাজ্যৰ একাংশই ৰাজ্যৰ বাবদ প্ৰাপ্য ধন ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। ৰাজ্যসমূহৰ যুক্তি হ’ল ৰাজ্যসমূহৰ পৰা কৰ সংগ্ৰহ কৰি কেন্দ্ৰই লৈ যাব, কিন্তু ৰাজ্যৰ অংশ বৃদ্ধি কৰা নহ’ব, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এইটো কৰিব নোৱাৰি।
আটাইতকৈ উল্লেখযোগ্য বঞ্চনাটো হ’ল চতুৰ্থ বিত্ত আয়োগে কেন্দ্ৰৰ পৰা ৰাজ্যৰ বাবদ ধন ৩২ শতাংশৰ পৰা ৪২ শতাংশলৈ বৃদ্ধি কৰিছিল। কিন্তু পোন্ধৰতম বিত্ত আয়োগে ২০১৯ চনত সেইটো ৪২ শতাংশৰ পৰা হ্ৰাস কৰি জম্মু-কাশ্মীৰ আৰু লাডাখৰ নতুন কেন্দ্ৰীয় শাসিত অঞ্চল দুটালৈ ১ শতাংশ আবণ্টন দিয়ে। এই ক্ষতিপূৰণ পিছত দিয়া হ’ব আৰু ৰাজ্যসমূহে পুনৰ প্ৰাপ্য অংশ লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই প্ৰতিশ্ৰুতি ভংগ হৈছে। ইয়াৰ বিপৰীতে ৰাজ্যসমূহে ষষ্ঠদশ বিত্ত আয়োগৰ পৰা বহু আশা কৰিছিল যে এইবাৰ ৰাজ্যৰ কৰৰ অংশ সম্ভৱতঃ বৃদ্ধি পাব। কিন্তু সেয়া নহ’ল।
ৰাজ্যসমূহৰ বাবে সম্ভাৱ্য দুৰ্যোগ ইয়াতেই শেষ নহয়। ষষ্ঠদশ বিত্ত আয়োগৰ প্ৰতিবেদন পৰ্যালোচনা কৰিলে দেখা যায় যে নিটি আয়োগৰ প্ৰাক্তন মুৰব্বী অৰবিন্দ পানাগোৰিয়াৰ নেতৃত্বত বিত্ত আয়োগে কঠোৰ সংস্কাৰমুখী পৰামৰ্শ আগবঢ়াইছে। সমগ্ৰ দেশতে জনসাধাৰণৰ বাবে চলি থকা ৰাজসাহায্য আৰু বিনাচৰ্তে নগদ ধন হস্তান্তৰ বন্ধ কৰাৰ প্ৰয়োজন আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে ৰাজকোষৰ ওপৰত তীব্ৰ চাপ পৰিছে। বিত্ত আয়োগে কয় যে এই নগদ ধন হস্তান্তৰ কাৰ্যসূচী হয় তৎক্ষণাত বন্ধ কৰিব লাগে নহয় কোনে পাব লাগে আৰু কাৰ নাম বাদ দিব লাগে সেইটো পৰ্যালোচনা কৰিব লাগে।
একেদৰে বিত্ত আয়োগে চৰকাৰী ৰাজসাহায্য ব্যৱস্থাৰ বিৰোধিতা কৰিছে। প্ৰসংগক্ৰমে কেন্দ্ৰীয় চৰকাৰে তিনিটা খণ্ডত সৰ্বাধিক ৰাজসাহায্য প্ৰদান কৰে। ১) পেট্ৰলিয়াম সামগ্ৰী ২) ৰাজহুৱা বিতৰণ ৩) সাৰ। এই ৰাজসাহায্য কিমান দিনলৈ চলি থাকিব সেই কথা বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে বিত্ত আয়োগে। কোৱা হৈছে যে প্ৰতিটো ৰাজসাহায্য প্ৰকল্পৰ এটা সমাপ্তি সীমা (ছানছেট ক্লজ) থাকিব লাগে। অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ পিছত সেই ৰাজসাহায্য বন্ধ হৈ যাব।
বিত্ত আয়োগে ব্যক্তিগতকৰণৰ প্ৰশংসা গাইছে। ষষ্ঠদশ বিত্ত আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে ৰুগ্ন চৰকাৰী সংস্থাসমূহ বন্ধ কৰিব লাগে। দেশৰ জিডিপি বা অর্থনৈতিক বৃদ্ধিত অৰিহণা নোযোগোৱা প্রতিষ্ঠানসমূহ চলাই থকাৰ প্রয়োজন কি? অর্থাৎ ষষ্ঠদশ বিত্ত আয়োগে মোডী চৰকাৰে যি বিচাৰে ঠিক সেইদৰেই প্রতিবেদনত লিখিছে৷ বিত্ত আয়োগে মানি ল’বলৈ অনিচ্ছুক যে সকলো প্ৰতিষ্ঠান, বেংক বা সমবায়ৰ ভূমিকা কেৱল ব্যৱসায় নহয়, চৰকাৰৰ সামাজিক দায়বদ্ধতাও।
পুনৰ আয়োগে সকলো বিদ্যুৎ উৎপাদন আৰু যোগান কোম্পানীক ব্যক্তিগতকৰণৰ পৰামৰ্শ দিছে। ইতিমধ্যে মোডী চৰকাৰৰ শক্তি মন্ত্ৰালয়ে এই সন্দৰ্ভত আইন প্ৰণয়ন কৰিছে। সেইবাবেই এফালে কেন্দ্ৰই দেওবাৰে বিত্ত আয়োগৰ প্ৰতিবেদন আনন্দৰে গ্ৰহণ কৰিছে। আনহাতে, এই বাজেটত মোডী চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে ব্যক্তিগতকৰণৰ বাবে চৰকাৰী প্ৰতিষ্ঠান বিক্ৰী কৰি ৮০ হাজাৰ কোটি টকা উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০২৫ চনত লক্ষ্য আছিল ৩৪ হাজাৰ কোটি টকা। অৰ্থাৎ প্ৰায় তিনিগুণ বৃদ্ধি কৰা হৈছে। এইবাৰ মুক্তভাৱে বিক্ৰী হ’ব চৰকাৰী প্ৰতিষ্ঠান, বেংক, সম্পত্তি। এইবাৰ সেই নীতি মানি লোৱাটো সহজ। কাৰণ বিত্ত আয়োগেই কৈছে! গতিকে চৰকাৰৰ দোষ নাই!





