• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য ন্যায়াধীশেই বাধা; চিবিআইৰ মুৰব্বীৰ দৌৰৰ পৰা আঁতৰিল মোদী চৰকাৰৰ পছন্দৰ দুগৰাকী প্ৰাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 2:39 pm
CJI Ramanna

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ফেব্ৰুৱাৰীৰৰ পৰাই খালী হৈ আছে চিবিআইৰ মুৰব্বীৰ পদটো। বহু চৰ্চাৰ পাছত অৱশেষত সোমবাৰে সন্ধিয়া নিযুক্তিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকত বহে। লগতে উপস্থিত থাকে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা আৰু বিৰোধী নেতা অধীৰ ৰঞ্জন চৌধুৰী।

বৈঠকত মুখ্য ন্যায়াধীশ গৰাকীয়ে সোঁৱৰাই দিলে উচ্চতম ন্যায়ালয়ৰ এটা বিশেষ ৰায়ৰ কথা। যাৰ বাবে কেন্দ্ৰৰ পছন্দৰ দুগৰাকী প্ৰাৰ্থী চিবিআইৰ মুৰব্বী হোৱাৰ দৌৰৰ পৰা আঁতৰিবলগীয়া হ’ল।

Apply Now

তিনিওগৰাকীৰ মাজত ৯০ মিনিট ধৰি চলা বৈঠকৰ পাছত তিনিটা নাম তালিকাত উঠে। মহাৰাষ্ট্ৰ আৰক্ষীৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰ জয়ছোৱাল, সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ সঞ্চালক প্ৰধান কে আৰ চন্দ্ৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বিশেষ সচিব বি এছ কামুদি।

এইকেইগৰাকীৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ হ’ল সুবোধ কুমাৰ জয়ছোৱাল। সেয়ে চিবিআইৰ মুৰব্বী পদৰ বাবে তেওঁৱেই আগত আছে।

সূত্ৰসমূহৰ মতে, বৈঠকত মুখ্য ন্যায়াধীশ এন ভি ৰামানাই এখন আইনৰ কথা মনত পেলাই দিয়ে। উচ্চতম ন্যায়ালয়ৰ এটা ৰায় অনুসৰি কোনো বিষয়াৰ চাকৰিৰ ম্যাদ ৬ মাহৰ কম হ’লে তেওঁক আৰক্ষী প্ৰধানৰ পদত নিযুক্তি দিব পৰা নাযাব।

এই আইনক সমৰ্থন কৰে বিৰোধী নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। ফলত তিনিজনীয়া সদস্যৰ বৈঠকত এই নীতিৰ পক্ষে সিদ্ধান্ত হয়।

ইয়াৰ ফলত মোদী চৰকাৰৰ ইচ্ছা সত্ত্বেও চিবিআই মুৰব্বী হোৱাৰ দৌৰৰ পৰা আঁতৰি যাবলগীয়া হয় বিএছএফৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানা আৰু এনআইএৰ সঞ্চালক প্ৰধান ৱাই চি মোদী। ইয়াৰ ভিতৰত আস্থানাই ৩১ আগষ্টত আৰু ৱাই চি মোদীয়ে ৩১মে’ত অৱসৰ গ্ৰহণ কৰিব।

এই দুগৰাকী আস্থানা আৰু মোদীৰ নাম বিতৰ্কতো সাঙোৰ খাই পৰিছে। চিবিআইৰ বিশেষ বিষয়া থকাৰ সময়ত সেইসময়ৰ চিবিআইৰ মুৰব্বী আলোক বাৰ্মাৰ সৈতে আস্থানাৰ বিৰোধ চৰম পৰ্যায়ত উপনীত হৈছিল।

আস্থানৰ বিৰুদ্ধে কোটি কোটি টকা উৎকোচ লোৱাৰ অভিযোগ তুলিছিল আলোক বাৰ্মাই। সেইদৰে, আস্থানাইয়ো প্ৰতি অভিযোগ আনিছিল। ফলত পদ হেৰুৱাবলগীয়া হয় বাৰ্মাই। মোদী চৰকাৰৰ ঘনিষ্ঠ ৰাকেশ আস্থানাক আন পদলৈ বদলি কৰা হয়।

যি তিনিগৰাকী চিবিআই মুৰব্বী পদৰ বাবে তালিকাত উঠিছে তেওঁলোকক লৈ বিৰোধী নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কোনো আপত্তি দৰ্শোৱা নাই। কিন্তু এই নিযুক্তিক লৈ কেন্দ্ৰৰ স্থিতিক কটাক্ষ কৰে বিৰোধী নেতাগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd