Centre Warns Assam:কেন্দ্ৰৰ পত্ৰই অসাৰ প্ৰতিপন্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কোভিড বৃদ্ধি নোহোৱাৰ দাবীক

বৃদ্ধি পাইছে ক'ৰ'নাৰ সংক্ৰমণ, অসম চৰকাৰক সকিয়ালে কেন্দ্ৰই

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই বুলি দৃঢ়তাৰে কৈ অহাৰ সময়তে কেন্দ্ৰই এই বিষয়ত দিয়া সকিয়নীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ যে কোনো ভিত্তি নাই তাকেই প্ৰতিপন্ন কৰিলে।

অসমত ক’ৰ’নাৰ সাপ্তাহিক পজিটিভিটিৰ হাৰ উৰ্ধগামী হোৱাৰ লগতে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱা বুলি খোদ কেন্দ্ৰীয় চৰকাৰেই প্ৰকাশ কৰিলে।এনডিটিভিৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত সচিব আৰতি আহুজাই অসমত কোভিড ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি তথা সেই অনুপাতে অসম চৰকাৰে কোভিড পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিব নোৱাৰাৰ বিষয়টোত গভীৰ উদ্বেগ ব্যক্ত কৰিছে।

সেইমৰ্মে যোৱা ২৬ অক্টোৱৰতে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত সচিবগৰাকীয়ে অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ খনত অতিৰিক্ত সচিব গৰাকীয়ে কোভিড সম্পৰ্কীয় বিধি যাতে কঠোৰ ভাবে মানি চলা হয় সেই বিষয়ত অসম চৰকাৰক সতৰ্ক কৰি দিছে।

স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত সচিব আহুজাই পত্ৰ খনত ২০ৰ পৰা ২৬ অক্টোৱৰৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। একেদৰে ২৫ অক্টোৱৰৰ পৰা বিগত চাৰিটা সপ্তাহত অসমত কোভিড পজিটিভিৰ হাৰ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰিছে।

স্বাস্থ্য দপ্তৰৰ পত্ৰ খনত কোৱা হৈছে যে ২০ৰ পৰা ২৬ অক্টোৱৰৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা ৪১ শতাংশ বৃদ্ধি পাইছে। একেদৰে ২৮ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোৱৰলৈ অসমত কোভিড পজিটিভিটিৰ হাৰ ১.৮৯ শতাংশৰ ভিতৰত আছিল যদিও১৯ৰ পৰা ২৫ অক্টোৱৰৰ ভিতৰত সেই হাৰ ২.২২ শতাংশলৈ বৃদ্ধি পোৱা বুলি পত্ৰ খনত স্পষ্ট ভাবে উল্লেখ কৰা হৈছে।

কোভিড পৰীক্ষাৰ ক্ষেত্ৰতো অসম চৰকাৰক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে। পত্ৰ খনত কোৱা হৈছে যে ২৮ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোৱৰলৈ অসমত কোভিড পৰীক্ষা কৰা হৈছিল ১,৬৪,০৭১ টা। কিন্তু ১৯ অক্টোৱৰৰ পৰা ২৫ অক্টোৱৰৰ ভিতৰত কোভিড পৰীক্ষা ১,২৭,০৪৮ টালৈ হ্ৰাস পায়।

এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে অসম চৰকাৰক কোভিড পৰীক্ষা বৃদ্ধি কৰিবলৈও কঠোৰ নিৰ্দেশ দিছে। কেন্দ্ৰৰ এই পত্ৰ খনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোভিড বঢ়া নাই বুলি কৰি অহা মন্তব্যক অসাৰ প্ৰতিপন্ন কৰিছে।