যিখন ৰাজ্যত নাৰীক সম মৰ্যাদা দিয়া হয় তথা সন্মান দিয়া হয়, সেইখন ৰাজ্য বহু আগবাঢ়ি যায়। এই চিন্তন প্ৰাচীন ভাৰতীয় দাৰ্শনিক আচাৰ্য চাণক্যৰ।
এনে দূৰদৰ্শী চিন্তাৰ বাবে আচাৰ্য চাণক্য সদায়েই ভাৰতীয় সমাজত অনুকৰণীয় হৈ আহিছে। আচাৰ্য চাণক্যই নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল।
মানৱ জীৱনৰ বিভিন্ন দিশসমূহৰ ওপৰত তাৎপৰ্যপূৰ্ণ বচন ‘চাণক্য নীতি’ৰ জৰিয়তে দি থৈ যোৱা চাণক্যই নাৰীৰ প্ৰতি সন্মানক সমাজ-ৰাজনৈতিক বিকাশৰ লগতে অৰ্থনৈতিক বিকাশৰো আধাৰ জ্ঞান কৰিছিল।
চাণক্যৰ মতে এনে মহিলাক সন্মান কৰা পৰিয়াল বা ব্যক্তিৰ ওপৰত সদায় লক্ষ্মী দেৱীৰ আশীৰ্বাদ থাকে। কি কৈছে চাণক্যই, চাওঁ আহক:
১/ মাতৃ: যি ব্যক্তিয়ে সদায় মাতৃক সন্মান কৰে আৰু মাতৃৰ যত্ন লয়, লক্ষ্মী দেৱীৰ আশীৰ্বাদ সদায় তেওঁৰ ওপৰত থাকিব আৰু তেওঁ সুখ শান্তিৰে জীৱন জীয়াব পাৰিব।
প্ৰতিজন ব্যক্তিয়ে নিজৰ মাতৃক নি:স্বাৰ্থভাৱে সেৱা কৰা উচিত। মাতৃৰ চৰণতে স্বৰ্গ। মাতৃৰ আশীৰ্বাদত সকলো ধৰণৰ বিপদ নাশ হয়।
২) গুৰুৰ পত্নীঃ গুৰু পত্নীৰ স্থান সদায় মাতৃৰ সমতুল্য। গুৰুক যিদৰে সন্মান দিয়া হয়, গুৰু পত্নীকো তেনেদৰেই সন্মান দিয়া উচিত।
৩) পত্নীৰ মাতৃ: পত্নীৰ মাতৃৰ মৰ্যাদোও নিজ মাতৃৰ দৰেই। সেয়েহে তেওঁৰ প্ৰতি শ্ৰদ্ধা তথা সন্মান অটুট থাকিলে দেৱী লক্ষ্মীৰ কৃপা সদায়েই থাকে। শাহুৰ প্ৰতি সন্মানে পৰিয়ালত সম্পূৰ্ণ সম্প্ৰীতি বজাই ৰাখে আৰু স্বামী-স্ত্ৰীৰ সম্পৰ্ক উন্নত হয়।
৫) বন্ধুৰ পত্নী: চাণক্যৰ মতে, বন্ধুৰ পত্নীৰ প্ৰতি বিশুদ্ধ অনুভূতি থকা প্ৰয়োজন আৰু মাতৃৰ দৰে তেওঁক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে সম্পৰ্কত বিশ্বাস, প্ৰেম আৰু স্নেহ বৃদ্ধি পায়।