মুখ্যমন্ত্ৰী নোহোৱা পৰ্যন্ত বিধানসভাত ভৰি নিদিয়াৰ প্ৰতিজ্ঞা পূৰণ চন্দ্ৰবাবু নাইডুৰ; ৩১মাহৰ পাছত ভৰি থ’লে সদনত

৩১ মাহৰ পাছত চন্দ্ৰবাবু নাইডুৱে ৰাজ্যৰ বিধানসভাত ভৰি দিলে। মুখ্যমন্ত্রী হোৱাৰ পাছত চন্দ্ৰবাবু শুকুৰবাৰে প্রথমবাৰৰ বাবে বিধানসভালৈ যায়৷এসময়ত চন্দ্ৰবাবুৱে পৰিয়ালক অপমান কৰাৰ অভিযোগ তুলি বিধানসভাৰ পৰা ওলাই আহিছিল।সেইদিনা তেওঁ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দিনাহে এই ভৱনলৈ ঘূৰি আহিব বুলি প্ৰতিশ্ৰুতি দিছিল।

২০২১ চনৰ নৱেম্বৰ মাহত বিধানসভাৰ অধিৱেশনৰ সময়ত অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন শাসকীয় দল ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়কৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল চন্দ্ৰবাবু। অভিযোগ অনুসৰি নাৰী সবলীকৰণৰ আলোচনাৰ সময়ত জগনমোহন ৰেড্ডীৰ দলৰ বিধায়কসকলে চন্দ্ৰবাবুৰ পত্নীক লৈ অপমানজনক মন্তব্য কৰে। সেই অভিযোগ উত্থাপন কৰি চন্দ্ৰবাবুৱে বিধানসভাৰ পৰা ওলাই আহিল।

বিধানসভা এৰি যোৱাৰ সময়ত চন্দ্ৰবাবুৱে ঘোষণা কৰে যে, “ইয়াৰ পাছত মই কোনো অধিবেশনত উপস্থিত নাথাকো।যেতিয়া মই পুনৰ মুখ্যমন্ত্ৰী হম তেতিয়া বিধানসভাত ভৰি দিম।” সেই সময়ত টিডিপিয়ে দাবী কৰিছিল যে চন্দ্ৰবাবুৱে কান্দি কান্দি অপমানিত হৈ বিধানসভা এৰিলে।

উল্লেখ্য যে, ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত চন্দ্ৰবাবুৰ চৰকাৰক উৎখাত কৰি জগনমোহন অন্ধ্ৰপ্ৰদেশ বিধানসভাত বহিছিল। কিন্তু পাঁচ বছৰৰ পাছত পুনৰ সলনি হ’ল অন্ধ্ৰৰ ৰাজনীতি৷ ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু জনসেনা দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে টিডিপিয়ে। সেই নিৰ্বাচনত চন্দ্ৰবাবুৱে ডাঙৰ জয়লাভ কৰিছিল। ১৭৫খন আসনৰ অন্ধ্ৰ বিধানসভাত টিডিপিয়ে ১৩৫খন আসনত জয়লাভ কৰে। আৰু চন্দ্ৰবাবুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিচাপে বিধানসভালৈ গৈছিল চন্দ্ৰবাবু। তেওঁক আদৰণি জনায় তেওঁৰ দলৰ বিধায়ক আৰু মিত্ৰসকলে। ৩১ মাহৰ পাছত চন্দ্ৰবাবুৱে বিধানসভাত ভৰি দিয়াৰ পাছত আৱেগিক হৈ পৰে।