• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ আখৈফুটিয়াবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি ল’লে “নাৱৰ নাম”

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 16, 2019 6:23 pm

2 min read

622
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক শিৱসাগৰৰ আখৈফুটিয়া অঞ্চলবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি সম্পন্ন কৰিলে নৈত নাৱৰ নাম। ব’হাগ মাহৰ প্ৰথম দিনা এই অঞ্চলটোৰ মাজেদি বৈ যোৱা দিচাং নদীৰ দুয়োপাৰে থকা কেইবাখনো গাঁৱৰ ৰাইজে কেইবাখনো নাও লগ-লগাই মাৰ নাও তৈয়াৰ কৰে। সেই মাৰ নাৱত গাঁৱৰ ডেকা-বুঢ়া সকলো উঠি নদীৰ মাজত দিহা নাম পৰিবেশন কৰে।

এইদৰে নদীৰ মাজেদি গৈ থাকোতে নিৰ্দিষ্ট ঘাট কেইটামানত ৰৈ তাত উপস্থিত থকা ৰাইজক আৰ্শীবাদ দিয়ে।

দিহানামৰ দলটিৰ পৰা আৰ্শীবাদ ল’বলৈ নিদিষ্ট ঘাট কেইটামানত গাঁৱৰ ৰাইজ ৰৈ থাকে আৰু ঘাট পোৱাৰ লগে লগেই নাওখন চপাই দিয়ে আৰু নাৱৰ পৰা ভকত বৈষ্ণৱে ৰাইজক আৰ্শীবাদ দিয়ে।

পহিলা ব’হাগৰ দিনা অনুষ্ঠিত হোৱা এই পৰম্পৰা আজি প্ৰায় ১১০ বছৰ ধৰি চলি আহিছে শিৱসাগৰৰ আখৈফুটিয়াৰ বালি ঘাট অঞ্চলত।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ভাৰতৰ স্বাধীনতাৰ আগৰ পৰাই এই পৰম্পৰা চলি আহিছে। ২০০৯ চনত নৈত নাৱৰ নামৰ ১০০ বছৰীয়া অনুষ্ঠান অনুষ্ঠিত হৈছিল।

এই পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে নাৱত দিহা নাম গাই যি দৰে বিভিন্ন স্থান ঘূৰি ফুৰিছিল, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আখৈখুটীয়া অঞ্চলৰ ৰাইজে এইদৰে নৈত নাৱৰ নাম অনুষ্ঠিত কৰি আহিছে।

সেই সময়ত সেই অঞ্চলত কলিয়াবৰৰ গোঁসাই এজন আছিল আৰু সেই গোঁসাইয়ে আখৈফুটীয়া এই বালি ঘাটৰ পৰাই নৈত নাৱৰ নাম এই পৰম্পৰা আৰম্ভ কৰিছিল। প্ৰথমৱস্থাত নৈত নাৱৰ নাম এই যাত্ৰাৰ এই অঞ্চলৰ পৰা ১২ কিলোমিটাৰৰ বাকচু অঞ্চললৈকে গৈছিল। জনসংখ্যা বৃদ্ধি আৰু ঘাটৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে  প্ৰতিটো ঘাটত ৰৈ ৰাইজক আৰ্শীবাদ দিবলৈ  সময়ৰ অভাৱ হোৱাৰ বাবে নিৰ্দিষ্ট কিছুমান ঘাটত ৰখোৱাৰ ব্যৱস্থা কৰে।

এই নাৱতেই অস্থায়ী ভাৱে ভাগৱতৰ আসন পাতি লয় আৰু তাতেই নাম লয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

Recent News

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd